নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনত ভাগৱত গীতা লৈ দুই ভাৰতীয়ৰ শপতগ্রহণ

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ ভাৰতীয় মূলৰ ব্রিটিছ মন্ত্রী আলোক শর্মা আৰু কোষাগাৰ বিভাগৰ মুখ্য সচিব ঋষি ছুনাকে মঙলবাৰে সংসদত ভাগৱত গীতা লৈ শপতগ্রহণ কৰে ৷ ব্রিটিছ হাউছ অৱ কমন্সত ভাগৱত গীতা লৈ দুয়োগৰাকী সাংসদে শপতগ্রহণ কৰি দেশখনৰ ৰাজনীতিত ভাৰতীয় মূলৰ নেতাৰ প্রভাৱেই নহয়, ভাৰতীয় সংস্কৃতিৰ আধিপত্য বিস্তাৰ হোৱা ঘটনাক প্রতিপন্ন কৰিছে ৷

আগ্রাত জন্মগ্রহণ কৰা ৫২ বছৰীয়া আলোক শর্মা চতুর্থবাৰৰ বাবে সংসদলৈ নির্বাচিত হৈছে ৷ ৰিডিং ৱেষ্টৰ পৰা শর্মা নির্বাচিত হোৱাৰ বিপৰীতে ইনফ’ছিছৰ প্রতিষ্ঠাতা এন আৰ নাৰায়ণ মূর্তিৰ জোঁৱাই ৩৯ বছৰীয়া ছুনাক তৃতীয়বাৰৰ বাবে নির্বাচিত হৈছে য়র্কশ্বায়াৰৰ ৰিছমণ্ড সমষ্টিৰ পৰা ৷

স্মর্তব্য যে ব্রিটেইনৰ ৰাণী কুইন এলিজাবেথ দ্বিতীয় আৰু ৰাজপৰিয়ালৰ সদস্যসকলৰ সন্মুখত দেশখনৰ আইন অনুসৰি সাংসদৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিব বুলি দয়োগৰাকী ৰাজনীতিকে শপতগ্রহণ কৰিছে ৷

You might also like