বৰফৰ মহাসাম্রাজ্য এণ্টার্কটিকাত গঢ়ি উঠিছে সেউজ বিপ্লৱ
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: শাক–পাচলিৰ খেতিৰে উপচি পৰিছে বৰফৰ মহা সম্রাজ্য এণ্টার্কটিকা৷ দূৰ–দূৰণিলৈ বিয়পি থকা শুভ্র বৰফৰ আচ্ছাদনত প্রথমবাৰলৈ দেখিবলৈ পোৱা গৈছে সেউজ শাক–পাচলিৰ খেতি৷ জলকীয়া, বিলাহী, বিট, ব্রকলি, বন্ধাকবি, ফুলকবি আৰু বিভিন্ন লতাজাতীয় শস্যৰ খেতি কৰা হৈছে এণ্টার্কটিকাত৷ কোনো কল্পবিজ্ঞানৰ কাহিনী নহয়৷ নহয় কোনো হলীউডৰ ছাইন্স ফিকচন চলচ্চিত্র৷ এণ্টার্কটিকাত ফচলৰ এক কৃত্রিম ক্ষেত্র তৈয়াৰ কৰা হৈছে৷ জার্মান এৰোস্পেচ চেণ্টাৰ ‘ডি এল আৰ’ৰ তৰফৰ পৰা এণ্টার্কটিকাত গঢ়ি তোলা হৈছে এই সেউজ শস্য ক্ষেত্র বা গ্রীন হাউছ৷ বৰফৰ মহাসাম্রাজ্যত গঢ়ি তোলা এই কষ্টসাধ্য শস্য ক্ষেত্রৰ নাম ৰখা হৈছে ‘ইডেন আই এছ এছ’৷
লক্ষণীয়ভাৱে জার্মান গৱেষণা শিবিৰ নোমেয়াৰ থ্রী ষ্টেচনৰ সমীপতে বৰফৰ মাজত এই কৃষি ক্ষেত্র সৃষ্টি কৰা হৈছে৷ পূব এণ্টার্কটিকাত ফচলৰ এই কৃত্রিম ক্ষেত্রত সূর্যৰ আলোকৰ প্রৱেশ একেবাৰেই নিষিদ্ধ৷ এণ্টার্কটিকাত সাধাৰণতে সূর্যৰ কিৰণ পৰে বছৰটোৰ ছমাহ৷ কিন্তু এই সূর্যৰ কিৰণ একেবাৰে প্রৱেশ কৰিব নোৱৰাৰ ব্যৱস্থা কৰা হৈছে কৃত্রিম শস্যক্ষেত্রত৷ লক্ষণীয়ভাৱে বিভিন্ন ধৰণৰ শস্য ৰোপণ কৰিবলৈ ৰঙা–নীলা–সেউজীয়া আদি কৃত্রিম পোহৰৰ ব্যৱস্থাও কৰিছে বিজ্ঞানীসকলে৷ আটাইতকৈ ডাঙৰ কথাটো হৈছে ফচল সৃষ্টিৰ বাবে বৰফৰ মহাসাম্রাজ্যত প্রয়োজন হোৱা নাই মাটিও৷ গতিকে মহাকাশৰ পিছত এণ্টার্কটিকাত কৃত্রিম শস্যক্ষেত্র হৈ পৰিছে অন্য এক বিস্ময়৷ ডি এল আৰে এই কৃত্রিম শস্যক্ষেত্র গঢ়ি তুলিছে এক অভিনৱ পদ্ধতিত৷ বিজ্ঞানৰ পৰিভাষাত এই পদ্ধতিৰ নাম এৰ’পনিক্স৷ এই পদ্ধতিয়ে এতিয়া বিজ্ঞান গৱেষণাত বিশেষ সমাদৰ লাভ কৰিছে৷