নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংক বেচৰকাৰীকৰণ হ’লেও গ্রাহকৰ আশংকা নাই

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: বেংক বেচৰকাৰীকৰণক লৈ সৃষ্টি হোৱা আতংকৰ মাজতে আজি দেশবাসীক আশ্বস্ত কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আজি ‘বেংক আমানত বীমা’ শীর্ষক এক অনুষ্ঠানত অংশগ্রহণ কৰি সাধাৰণ বেংক গ্রাহকসকলক আশ্বাস প্রদান কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ প্রধানমন্ত্রী মোদীয়ে কয় যে যদি কোনো কাৰণত বেংকে গ্রাহকসকলৰ টকা আদায় দিব নোৱাৰে, তেতিয়াও গ্রাহকসকলৰ টকা সুৰক্ষিত থাকিব৷ চৰকাৰে ৯৮.১ শতাংশ গ্রাহকৰ টকা বীমাৰ জৰিয়তে সুৰক্ষিত কৰা বুলি মন্তব্য কৰে মোদীয়ে৷ লক্ষণীয়ভাৱে গ্রাহকসকলৰ মুঠ ৭৬ লাখ কোটি টকা ইতিমধ্যে বীমা সুৰক্ষাৰ আওতালৈ অহা বুলি আজি ঘোষণা কৰিছে প্রধানমন্ত্রীগৰাকীয়্৷ এন ডি এ ক্ষমতালৈ অহাৰ পিছত বেংক ডিপ’জিটৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলিও উল্লেখ কৰে মোদীয়ে৷

You might also like