নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক সকীয়নি তালিবানৰঃ সামৰিক শক্তি প্রয়োগ নকৰিব

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ যুদ্ধ বিধ্বস্ত আফগানিস্তানত সামৰিক শক্তি প্রয়োগ নকৰিবলৈ ভাৰতক সকীয়নি তালিবানৰ৷ কাটাৰস্থিত তালিবানৰ মুখপাত্র ছোহেইল শ্বাহিনে ভাৰতৰ সামৰিক শক্তি প্রয়োগক লৈ কয়–সামৰিক শক্তিৰ ভূমিকা মানে কি? যদি আমি থকাত তেওঁলোকে আফগানিস্তানলৈ সামৰিক বাহিনী লৈ আহে তেতিয়াহ’লে মই ভাবোঁ, তেওঁলোকৰ বাবে সেয়া ভাল নহ’ব৷ ইতিমধ্যে আফগানিস্তানত সামৰিক বাহিনীৰ ভাগ্য তেওঁলোকে দেখা পাইছে৷ গতিকে সেয়া তেওঁলোকৰ বাবে মুকলি কিতাপৰ দৰে৷

অৱশ্যে যদি ভাৰতে আফগান নাগৰিক কিম্বা দেশৰ প্রকল্পৰ ক্ষেত্রত সহায় কৰিবলৈ আহে, তেতিয়া হ’লে সেয়া প্রশংসা কৰিবলগীয়া৷ আফগানিস্তানত ছালমা বান্ধ, পথ আৰু আন আন্তঃগাঁথনি প্রকল্প নির্মাণত ভাৰতে যি ভূমিকা গ্রহণ কৰি আহে সেয়া প্রশংসনীয়৷ দেশখনৰ মানৱতা আৰু উন্নয়নমূলক কামৰ বাবে ভাৰতৰ পদক্ষেপক প্রশংসা কৰিবই লাগিব৷

অৱশ্যে ইয়াৰ বিপৰীতে ভাৰতে যদি সামৰিক বাহিনীলৈ দেশৰ চৰকাৰখনক সহায় কৰিবলৈ আহে, সেয়া হিতৰ বিপৰীতে অহিত হ’ব৷

উল্লেখ্য যে আফগানিস্তানত সংসদ ভৱন নির্মাণ, বিদ্যালয়, পথ, বান্ধকে ধৰি উন্নয়ন প্রকল্পৰ নামত ভাৰতে দুই বিলিয়ন মার্কিন ডলাৰ দেশখনক সাহায্য হিচাপে আগবঢ়াইছে৷ এই কথা স্পষ্ট কৰি দিয়ে যে দেশখনত থকা ভাৰতীয় নাগৰিক কিম্বা ভাৰতীয় কোনো কার্যালয়ৰ ক্ষতি নকৰে তালিবানে৷

You might also like