নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশীয় বিমান ভাৰা ১২.৮২ শতাংশ বৃদ্ধি

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ দেশীয় বিমান সেৱাৰ ভাৰা বৃদ্ধি পালে৷ কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে শনিবাৰে বিমানৰ ভাৰাৰ নিৰিখ ৯.৮৩ শতাংশৰ পৰা ১২.৮২ শতাংশলৈ বৃদ্ধি কৰিছে৷

মন্ত্রালয়ৰ বিবৃতিত প্রকাশ পোৱা মতে, দেশীয় বিমানৰ নতুন ভাৰাৰ নিৰিখ অনুসৰি ৪০ মিনিটৰ যাত্রাত পূর্বৰ ২৬০০ টকাৰ পৰা বৃদ্ধি পাই ২৯০০ টকা হ’ব৷ তেনেদৰে ৪০ মিনিটতকৈ ওপৰৰ যাত্রাত ভাৰা ১২.৮২ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷ অর্থাৎ এই টিকটৰ মূল্য ৮,৮০০টকা হ’ব৷ ৪০–৬০ মিনিটৰ যাত্রাত ৩৩০০ টকাৰ পৰা ৩৭০০টকালৈকে বৃদ্ধি কৰা হৈছে৷ ঊর্ধ্বৰ নিৰিখত ১২.২৪ শতাংশ বৃদ্ধিৰে ১১ হাজাৰ টকা কৰা হৈছে৷

আনহাতে, ৬০–৯০ মিনিটৰ যাত্রাত টিকটৰ মূল্য ৪৫ শ টকালৈ বৃদ্ধি পাব৷ তেনেদৰে ঊর্ধ্বৰ নিৰিখত ১২.৮২ শতাংশ বৃদ্ধিৰে টিকটৰ মূল্য ১৩,২০০ টকা কৰা হৈছে৷ ৯০–১২০, ১২০–১৫০, ১৫০–১৮০ আৰু ১৮০–২১০ মিনিটৰ যাত্রাত ৫,৩০০, ৬,৭০০, ৮,৩০০ আৰু ৯,৮০০ টকালৈ বৃদ্ধি কৰা হৈছে৷

You might also like