নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মূলৰ মার্কিন বিজ্ঞানীক প্রশংসা ট্রাম্পৰ

নিয়মীয়া বাৰ্তা, ১৭ মেঃ আমেৰিকা যুক্তৰাষ্ট্রই ভাৰতৰ সৈতে ক’ৰোনা প্রতিৰোধী দৰব আৰু প্রতিষেধক নির্মাণত একেলগে কাম কৰিছে৷ –এই মন্তব্য কৰিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ তেওঁ কালি ভাৰতীয় মূলৰ মার্কিন বিজ্ঞানী আৰু গৱেষকসকলক মহান বুলি উল্লেখ কৰি তেওঁলোকে ক’ৰোনা ভাইৰাছৰ ভেকচিন উদ্ভাৱনৰ ক্ষেত্রত যথেষ্ট অৱদান আগবঢ়োৱা বুলি মন্তব্য কৰে৷ ‘আমি আশাবাদী এই বছৰৰ শেষৰ ফালে ক’ভিড–১৯ৰ প্রতিষেধক পৃথিৱীয়ে লাভ কৰিব৷ এই কামৰ বাবে অপাৰেচন ‘য়ার্প স্পীড’ নামৰ এটা প্রকল্প আমেৰিকাত আৰম্ভ কৰা হৈছে৷’ –ৰাষ্ট্রপতি ট্রাম্পে এইদৰে কয়৷

তেওঁ আৰু জনায় যে প্রতিষেধক প্রস্তুত কৰাৰ সেই প্রকল্পত এজন প্রাক্তন চৰকাৰী বিষয়াক নিযুক্ত কৰা হৈছে৷ প্রতিষেধক নির্মাণৰ এই অভিযানত আমেৰিকাই ভাৰতৰ সৈতে একেলগে কাম কৰা বুলি উল্লেখ কৰি কয়– ‘ভাৰতৰ সৈতে একেলগে কাম কৰিছে আমেৰিকাই৷ সম্প্রতি ভাৰত ঘূৰি আহিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আমাৰ ভাল বন্ধু৷ আমেৰিকাত বহুসংখ্যক ভাৰতীয় লোক আছে৷ তেওঁলোকৰ মাজৰ বহু বিশেষজ্ঞ লোকেই ক’ভিডৰ প্রতিষেধক উদ্ভাৱন কৰাৰ প্রচেষ্টাত ব্রতী হৈছে৷ তেওঁলোকে অত্যন্ত ভাল কাম কৰিছে৷’

উল্লেখ্য যে ক’ৰোনা ভাইৰাছত আক্রান্ত আমেৰিকাত ভাৰতে বৃহৎ পৰিমাণৰ হাইড্র’ক্সিক্ল’ৰোকুইন টেবলেট প্রেৰণ কৰাৰ পাছত ৰাষ্ট্রপতি ট্রাম্পে ভাৰতকো সহায় কৰাৰ প্রতিশ্রুতি দিছিল৷ সেই অনুসৰি ৰাষ্ট্রপতি ট্রাম্পে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে ভাৰতৰ যুঁজত সহায় হোৱাকৈ ২.৬ মিলিয়ন ডলাৰৰ ২০০খন ভেণ্টিলেটৰ প্রদানৰ সিদ্ধান্ত লৈছে৷ এই সন্দর্ভত টুইটযোগে ৰাষ্ট্রপতি ট্রাম্পে কয়– ‘মই এই কথা ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ যে আমেৰিকা যুক্তৰাষ্ট্রই বন্ধু দেশ ভাৰতৰ বাবে ভেণ্টিলেটৰ প্রদান কৰিব৷ আমি ভাৰতৰ সৈতে আছোঁ৷ আমি একেলগে প্রতিষেধক উদ্ভাৱনৰ কামত জড়িত হৈছোঁ৷ আমি একেলগে অদৃশ্য শত্রুক পৰাস্ত কৰিব পাৰিম৷’

You might also like