নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিক্ষাৰী–পকেটমাৰক হজলৈ নপঠিয়াবলৈ পাকিস্তানক সতর্ক বার্তা

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : হজ আৰম্ভ হোৱাৰ পূর্বে ছৌদি আৰবৰ পৰা সতর্ক বার্তা আহিল পাকিস্তানলৈ৷ আর্থিক সমস্যাত বিধ্বস্ত পাক চৰকাৰক হজযাত্রী বাছনিৰ ক্ষেত্রত বিশেষভাৱে সতর্ক হ’বলৈ পৰামর্শ আগবঢ়াইছে ছৌদি চৰকাৰে৷ হজযাত্রাৰ কোটাত আবেদনকাৰীসকলৰ মনোনয়নৰ বিষয়টোত নজৰ দিবলৈ নির্দেশ দিছে ছৌদি প্রশাসনে৷ কোনো কাৰণতে যাতে ভিক্ষাৰী নাইবা পকেটমাৰৰ দৰে অপৰাধীসকলে হজৰ সুযোগ নাপায়, সেই কথাটোত গুৰুত্ব দিবলৈ বাৰে বাৰে আহ্বান জনাইছে পাক চৰকাৰক ৷ হজৰ পুণ্যার্থীসকলৰ নিয়ন্ত্রণৰ স্বার্থত প্রতিখন দেশৰ বাবে কোটা নির্দিষ্ট কৰি দিয়ে ছৌদি আৰবে৷ কোনখন দেশৰ পৰা কিমানগৰাকী হজযাত্রী মক্কালৈ আহিব, সেই কথা পূর্বেই ছৌদি আৰবক জনাবলগীয়া হয়৷

You might also like