মাউণ্ট এভাৰেষ্টৰ উচ্চতা পুনৰ জুখিব চীনে
নিয়মীয়া বাৰ্তা, ২৮ মেঃ গিৰিৰাজ হিমালয়ৰ সুউচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ পুনৰ জোখ–মাপ লোৱাৰ বাবে প্রস্তুতি চলাইছে চীনে৷ এভাৰেষ্টৰ উচ্চতা প্রকৃত জোখ–মাপ পুনৰ গ্রহণ কৰিবলৈ আজি চীনৰ পর্বত আৰোহী সমীক্ষকৰ দল এটাই শৃংগটোত উপস্থিত হৈছে৷ তিব্বতৰ পথেৰে চীনৰ এই অভিজ্ঞ সমীক্ষকৰ দলে এভাৰেষ্ট শৃংগত আৰোহণ কৰিছে৷ লক্ষণীয়ভাৱে চীনে লোৱা জোখ–মাপ অনুসৰি মাউণ্ট এভাৰেষ্টৰ উচ্চতা ৮৮৪৪.৪৩ মিটাৰ৷ নেপালে দিয়া হিচাপতকৈ এয়া ৪ মিটাৰ কম৷ চীনৰ সংবাদ মাধ্যমে এই বিষয়টোক লৈ বিশেষ চর্চা কৰি আহিছে৷ স্মর্তব্য যে যোৱা ১ মে’ত মাউণ্ট এভাৰেষ্টৰ উচ্চতাক লৈ চীন আৰু নেপালৰ মাজত মতানৈক্য হৈছিল৷ তেতিয়াই চীনে মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ পুনৰ জোখ–মাপ লোৱাৰ সিদ্ধান্ত লৈছিল৷ দেশখনৰ সংবাদ মাধ্যমে এভাৰেষ্টৰ উচ্চতাক লৈ থকা বিতর্কৰ শেহতীয়া এই জৰীপৰ জৰিয়তে অন্ত পৰিব বুলি ঘোষণা কৰিছে৷ আনকি চীনত আজিৰ এই দিনটোক এক ঐতিহাসিক দিন আখ্যা দিয়া হৈছে৷ মাউণ্ট এভাৰেষ্টত পর্বত আৰোহী তথা সমীক্ষকৰ দলটো উপস্থিত হোৱাৰ লগে লগে বেইজিং প্রশাসনে এয়া এক সফল অভিযানৰ আৰম্ভণি বুলি ঘোষণা কৰিছে৷ ইফালে সংবাদ সংস্থা জিনহুৱাই মাউণ্ট এভাৰেষ্টত পুনৰ জোখ–মাপ গ্রহণে প্রাকৃতিক ক্ষেত্রত আহি পৰা পৰিৱর্তনৰ বহু দিশ উন্মোচন কৰিব বুলিও ঘোষণা কৰিছে৷