মাস্কৰ ব্যৱহাৰে আপোনাক কিমান দূৰ ৰক্ষা কৰিব ক’ৰোনা ভাইৰাছৰ পৰা !
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ চীনত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৭ জনলৈ বৃদ্ধি পাইছে । লগতে চীন তথা এছিয়াৰ কেইবাখনো দেশত ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমণৰ ন ন তথ্য পোহৰলৈ অহাৰ সময়তে এক তথ্যই চাঞ্চল্য সৃষ্টি কৰিছে ।
তথ্য মতে এছিয়ান দেশসমূহত এতিয়া সৰ্বাধিক মুখত লগোৱা মাস্কৰ বিক্ৰীৰ সংখ্যা বৃদ্ধি পাইছে ।
ইপিনে চীনৰ যি সমূহ অঞ্চলত ক’ৰোনাৰ সংক্ৰমণ ব্যাপক হাৰত হৈ আছে, সেই ঠাইসমূহত কৰ্মৰত স্বাস্থ্য কৰ্মীসকলক চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে মাস্ক যোগান ধৰিছে ।
ইপিনে বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনা ভাইৰাছৰ সৈতে মোকাবিলা কৰি থকা সকলো স্বাস্থ্য কৰ্মীকে চাৰ্জিকেল মাস্ক, হাত মোজা, কলা চশমা আৰু এপ্ৰ’ন পিন্ধাৰ নিৰ্দেশ দিছে ।
কিন্তু প্ৰশ্ন হয় এই মাস্কে বাস্তৱত কিমানদূৰ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণত বাধা প্ৰদান কৰে সেয়াহে লক্ষণীয় । উল্লেখ্য যে 2019-nCoV এই ভাইৰাছবিধ বতাহত উৎপন্ন হয় আৰু ই মানুহৰ শৰীৰলৈ সংক্ৰমণ হ’ব পাৰে ।