মুকেশ আম্বানীক মৃত্যুৰ ভাবুকি : কিশোৰক গ্রেপ্তাৰ
বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ অধ্যক্ষ মুকেশ আম্বানীক ই–মেইলযোগে মৃত্যুৰ ভাবুকি দিয়া কিশোৰ এজনক আজি তেলেংগানাত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বৃহৎ পৰিমাণৰ ধন দাবী কৰি সেই ধন আদায় নিদিলে মুকেশ আম্বানীক হত্যা কৰা হ’ব বুলি বিগত সপ্তাহত তিনিবাৰ ই–মেইলযোগে ভাবুকি দিছিল৷ মুম্বাই আৰক্ষীয়ে এই ই–মেইলৰ ভাবুকিৰ তদন্ত কৰি আজি তেলেংগানাৰ পৰা গণেশ ৰমেশ বনপৰধি নামৰ ১৯ বছৰীয়া কিশোৰ এজনক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পিছত ৮ নৱেম্বৰলৈ কিশোৰজনক আৰক্ষীৰ জিম্মাত দিয়ে আদালতে৷ উল্লেখ্য যে ভুৱা আই ডিৰে এই ই–মেইল প্রেৰণ কৰা হৈছিল৷