মৃতদেহ বিচাৰিবলৈ ঈগল–শগুন ব্যৱহাৰ ইজৰাইলৰ
🔹 হামাছৰ হাতত নিহত বহু লোকৰ সন্ধান নাই : চিকাৰী চৰাইক ভৰসা সেনাৰ
বিশেষ বাৰ্তা, ১৭ নৱেম্বৰ : নাৰকীয় যুদ্ধত শিশু আৰু বৃদ্ধৰ পার্থক্য নাখাটে৷ শেষকৃত্যৰ পৰিৱর্তে গণকবৰত ৰখা হয় মৃতদেহ৷ মানুহ মানেই শৱ৷ ইজৰাইল–হামাছৰ যুদ্ধত মৃতদেহ বা শৱ বিচাৰিবলৈ ঈগল আৰু শগুনৰ দৰে চিকাৰী চৰাইক অভিনৱভাৱে কামত লগাইছে নেতান্যেহুৰ বাহিনীয়ে৷ এই চিকাৰী চৰাইবোৰৰ প্রিয় খাদ্য হৈছে মৃত প্রাণীৰ মাংস৷ গতিকে মৃতদেহৰ সন্ধান কৰিবলৈ এই চিকাৰী পক্ষীক ব্যৱহাৰ কৰিছে ইজৰাইলী সেনাই৷ যোৱা ৭ অক্টোবৰত ইজৰাইলত আক্রমণ চলায় পেলেষ্টাইনী সন্ত্রাসবাদী সংগঠন হামাছে৷ মাত্র কেইঘণ্টামানৰ ক্ষেপণাস্ত্র আঘাতত নিহত হয় ১,৪০০ৰো বেছি লোক৷ ইয়াৰ পাছৰে পৰা গাজাত ধাৰাবাহিক আক্রমণ চলাই আহিছে ইজৰাইলী সেনাই৷ ইজৰাইলী সেনাৰ আক্রমণত ধ্বংসস্তূপত পৰিণত হৈছে গাজা৷ ইফালে, নিজৰ দেশৰ বিভিন্ন স্থানত পৰি থকা নাগৰিকসকলৰ মৃতদেহ বিচাৰিবলৈ এগৰাকী প্রাণী বিশেষজ্ঞৰ সহায় লৈছে ইজৰাইলী সেনাই৷ মৃতদেহবোৰ বিচাৰিবলৈ ব্যৱহাৰ কৰা হৈছে শগুন আৰু ঈগল৷ এই প্রাণী বিশেষজ্ঞৰ নাম ওহাদ হাৎজোফে৷ ওহাদ ইজৰাইলৰ প্রকৃতি আৰু উদ্যান মন্ত্রালয়ৰ অন্যতম বিষয়ববীয়া৷ ওহাদৰ পৰামর্শ অনুসৰি ঈগল আৰু শগুনসহ অন্যান্য চিকাৰী চৰাইৰ শৰীৰত ট্রেকিং ডিভাইচ লগাই মৃতদেহৰ সন্ধান কৰা হৈছে ইজৰাইলত৷