মৃত্যুৰ ভাবুকি : ৰতন টাটাৰ নিৰাপত্তা বৃদ্ধি মুম্বাই আৰক্ষীৰ
বিশেষ বাৰ্তা, ১৭ ডিচেম্বৰ : টেলিফোনযোগে মৃত্যুৰ ভাবুকি দিয়াৰ পিছত প্রখ্যাত উদ্যোগপতি ৰতন টাটাৰ নিৰাপত্তা বৃদ্ধি কৰিছে মুম্বাই আৰক্ষীয়ে৷ টাটা ছনছৰ প্রাক্তন অধ্যক্ষ ছাইৰাছ মিস্ত্রিৰ লেখিয়াই ৰতন টাটাকো হত্যা কৰা হ’ব বুলি টেলিফোনযোগে দিয়া ভাবুকি মুম্বাই আৰক্ষীয়ে লাভ কৰাৰ পিছতে তদন্ত চলায় ৷ আৰক্ষীয়ে টেলিফোন কলাৰৰ জৰিয়তে নম্বৰ সংগ্রহ কৰি কর্ণাটকৰ পৰা ফোনযোগে ভাবুকি দিয়াৰ সন্ধান পায়৷ ভাবুকি দিয়া লোকজন পুনেৰ এম বি এ ডিগ্রীধাৰী বুলি আৰক্ষীয়ে তথ্য লাভ কৰে৷ লোকজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰাত পৰিয়ালে তেওঁক স্কিজোফ্রেনিয়াত আক্রান্ত বুলি আৰক্ষীক অৱগত কৰায়৷