নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰত সেনা–বিদ্রোহীৰ গুলীয়াগুলীত নিহত হুৰ কর্মচাৰী

ক’ৰোনাৰ তেজৰ নমুনা সংগ্রহত কর্মৰত

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ মহামাৰী ক’ভিড–১৯ত আক্রান্ত লোকৰ তেজৰ নমুনা সংগ্রহ কৰিবলৈ যোৱা বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ কর্মচাৰী এজন ম্যানমাৰত গুলীয়াগুলীত নিহত হোৱাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ তথ্য মতে ৰাষ্ট্রসংঘৰ বিশ্ব স্বাস্থ্য সংস্থাৰ বাহন লৈ পাই ছ’নে উইন মং নামৰ লোকজনে ৰাখিন প্রদেশৰ এখন ভিতৰুৱা গাঁৱত তেজৰ নমুনা সংগ্রহ কৰিবলৈ যাওঁতে বিদ্রোহী সংগঠন আৰাকান আর্মী আৰু দেশখনৰ সেনাৰ মাজত সংঘর্ষৰ সময়ত প্রাণ হেৰুৱায় ৷ সেনা–বিদ্রোহী সংগঠনৰ সংঘর্ষজড়িত অঞ্চলটোলৈ নিজৰ কর্তব্য সমাপন কৰিব যাওঁতে হুৰ কর্মচাৰীজন দুর্ভাগ্যজনকভাৱে গুলীত নিহত হয় বুলি দেশখনৰ সামৰিক মুখপাত্রই প্রকাশ কৰিছে৷ মুখপাত্র মেজৰ জেনেৰেল টুনটুন ন্যিয়ে প্রকাশ কৰা মতে, সেনা বাহিনীয়ে ৰাষ্ট্রসংঘৰ বাহনত আক্রমণ কৰাৰ কোনো কাৰণেই নাই৷ কিয়নো তেওঁলোকে দেশৰ কাৰণে কাম কৰি আছে ৷ বিদ্রোহী সংগঠনৰ সৈতে সংঘর্ষৰ সময়ত দুর্ভাগ্যবশতঃ প্রাণ হেৰুৱালে হুৰ কর্মচাৰীজনে ৷

You might also like