মৰুভূমিত নিজ বিষ্ঠাৰে জৈৱ গেছ প্রস্তুত কৰি খাদ্য প্রস্তুত মার্কিন দম্পতীৰ
নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ: চহৰত জীৱন ভাল নালাগে৷ সেইবাবে চহৰৰ পৰা দূৰৈত ঘৰ বন্ধাৰ ইচ্ছা জাগ্রত হয় হুইটনি নিউকার্ক আৰু তেওঁৰ স্বামী ট্রেণ্ডৰ৷ কিন্তু পছন্দৰ ঠাই হৈছে মৰুভূমি৷ প্রথমে নিজেই সংশয়ত আছিল নিউকার্ক৷ শেষপর্যন্ত সেই অসাধ্য সাধন কৰি পেলালে দুয়োগৰাকীয়ে৷ আমেৰিকাৰ মৰুভূমিৰ মাজত সংসাৰ কৰিছে দুয়ো৷ আমেৰিকাৰ উইছকনছিনৰ পৰা মৰুভূমিলৈ যাত্রাৰ সিদ্ধান্ত লয় দুয়ো৷ অতি কষ্টকৰ জীৱন যাপন কৰি এতিয়া কেলিফ’র্নিয়াৰ মৰুভূমিত দুয়ো সুখেৰে অতিবাহিত কৰি ২.৩ একৰ ভূমিত ২০২০ চনৰ পৰা বাস কৰি আছে দুয়ো৷
উল্লেখনীয় যে মৰুভূমিত কটাবলৈ তেওঁলোকে নিজকে তাৰ উপযোগী কৰি তুলিবলগীয়া হৈছে৷ দিনত ৪৬ ডিগ্রী তাপমাত্রাত দহিবলগা হয় দুয়ো৷ কিন্তু নিশা হিমচেঁচা জাৰত দুয়োৰে জীৱন হৈ পৰে কষ্টসাধ্য৷ লক্ষণীয়ভাৱে সৌৰ বিদ্যুৎ ব্যৱহাৰ কৰি আহিছে হুইটনি আৰু ট্রেণ্ডে৷ নিজৰ বিষ্ঠাৰ পৰা জৈৱ গেছ তৈয়াৰ কৰি তাৰ জৰিয়তে জুইত খাদ্য প্রস্তুত কৰে দুয়ো৷ এই বিচিত্র জীৱন কাহিনীৰে এতিয়া আন্তর্জাতিক সংবাদ মাধ্যমত চর্চাৰ কেন্দ্রবিন্দু হুইটনি আৰু ট্রেণ্ড৷