শ্রীলংকাৰ পৰা ১ লাখ দুষ্প্রাপ্য বান্দৰ ক্রয় চীনৰ
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল: ঋণ দি শ্রীলংকাত খোপনি পুতি থকা চীনে এইবাৰ অর্থনীতিত বিধ্বস্ত দ্বীপ ৰাষ্ট্রখনৰ পৰা ১ লাখ দুষ্প্রাপ্য প্রজাতিৰ বান্দৰ ক্রয় কৰাৰ পৰিকল্পনা কৰিছে৷ শ্রীলংকাৰ পৰিৱেশ কর্মীসকলে চীনৰ এই বান্দৰ ক্রয়ৰ পৰিকল্পনাক লৈ তীব্র প্রতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে শ্রীলংকা চৰকাৰে ১ লাখ দুষ্প্রাপ্য প্রজাতিৰ বান্দৰ ক্রয়ৰ বাবে বেইজিঙে দ্বীপ ৰাষ্ট্রখনক অনুৰোধ জনাইছে বুলি প্রকাশ পাইছে৷ ৰঙা চীনে পৰীক্ষণৰ নামত শ্রীলংকাৰ পৰা ১ লাখ দুষ্প্রাপ্য প্রজাতিৰ বান্দৰ আমদানি কৰিলেও ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্র লুকাই থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে৷ শ্রীলংকাৰ কৃষি মন্ত্রালয়ৰ শীর্ষ আমোলা গুণদাসা সমৰাসিংহেই প্রকাশ কৰা মতে, চীনৰ ব্যক্তিগত খণ্ডৰ কোম্পানী এটাই শ্রীলংকাৰ জু’লজিকেল গার্ডেনৰ সৈতে যোগাযোগ কৰি প্রাণীৰ প্রজননৰ বাবে তেওঁলোকৰ পৰা ১ লাখ দুষ্প্রাপ্য প্রজাতিৰ বান্দৰ বিচাৰিছে৷ শ্রীলংকাত বিলুপ্তপ্রায় এই বান্দৰক আন্তর্জাতিক প্রকৃতি সংৰক্ষণ সংস্থাই বিলুপ্তিৰ শিতানত অন্তর্ভুক্ত কৰিছে৷ এনে ক্ষেত্রত শ্রীলংকাই চীনক এই প্রজাতিৰ বান্দৰ প্রদান কৰাৰ ক্ষেত্রত কিছু অসুবিধাৰ সৃষ্টি হৈ আছে৷ চীনৰ এহেজাৰতকৈ অধিক চিৰিয়াখানাত শ্রীলংকাৰ পৰা ক্রয় কৰি নিয়া ১ লাখ দুষ্প্রাপ্য প্রজাতিৰ বান্দৰ সংগ্রহ কৰিব বুলি প্রকাশ কৰিছে যদিও বেইজিঙৰ এই পৰিকল্পনা সন্দেহজনক৷ মন কৰিবলগীয়া যে শ্রীলংকাত জীৱিত প্রাণী ৰপ্তানি কৰাটো নিষিদ্ধ হৈ আছে৷ অৱশ্যে দেশখনে ইতিহাসত সবাতোকৈ আর্থিকভাৱে দুর্দশাগ্রস্ত হোৱাৰ পৰিণতিত চীনৰ অনুৰোধ বিবেচনা কৰিব পাৰে বুলিও চর্চিত হৈছে৷ কিয়নো শ্রীলংকা চৰকাৰে আর্থিকভাৱে জুৰুলা হোৱাৰ পিছতে চলিত বর্ষত সংৰক্ষিত তালিকাৰ পৰা অনেক প্রজাতিৰ প্রাণীক আঁতৰ কৰা হৈছে৷ ইয়াৰে ভিতৰত বান্দৰৰ তিনিটা প্রজাতি ক্রমে মৰাচৰাই, বনৰীয়া ভালুক আদি আছে৷