নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংক্রামক ৰোগত কংগোত মৃত্যু ৬ হাজাৰ শিশুৰ

বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিবেদন : ১৮ নিযুতক ছিটা

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ আফ্রিকান ৰাষ্ট্র কংগো গণতান্ত্রিক গণৰাজ্য (ডিআৰচি)ত মিজলছ সংক্রামক ৰোগত কমপক্ষেও ৬ হাজাৰ শিশুৰ মৃত্যু হৈছে ৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ প্রতিবেদনত প্রকাশ পাইছে এই তথ্য ৷ উল্লেখনীয় যে মিজলছ ভাইৰাছৰ সংক্রমণ অতি দ্রুতগতিত ঘটে ৷ বিগত বর্ষটোৰ আৰম্ভণিৰ পৰা আফ্রিকান ৰাষ্ট্রখনত ৩ লাখ ১০ হাজাৰ লোক এই ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈছে ৷ হুৰ প্রতিবেদন অনুসৰি, দেশখনে ইয়াৰ সংক্রমণৰ পৰা শিশুসকলক ৰক্ষা কৰিবলৈ বিশেষ তৎপৰতা গ্রহণ কৰিব পৰা নাই ৷ যোৱা ছেপ্ঢেম্বৰ মাহত কংগো চৰকাৰ আৰু হুৰ তৰফৰ পৰা এক জৰুৰী ছিটা প্রদান আঁচনি গ্রহণ কৰা হৈছে ৷ উল্লেখনীয় যে ২০১৯ চনত কংগোত ১৮ নিযুততকৈ অধিক শিশুক এই ৰোগ প্রতিৰোধৰ ছিটা প্রদান কৰা হৈছে ৷

You might also like