নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমূহীয়া বিবাহত মাস্ক পিন্ধি চুম্বনৰ বিনিময়

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছত সংক্রমণৰ আতংক সত্ত্বেও ফিলিপাইনছত বার্ষিক সমূহীয়া বিবাহত অংশ ল’লে ৪৪০ যুৱক–যুৱতীয়ে৷ মধ্য ফিলিপাইনছত সমূহীয়াকৈ যুগ্ম জীৱন আৰম্ভ কৰা এই বিবাহ অনুষ্ঠানত অৱশ্যে দৰা–কইনাক মাস্ক পৰিধান কৰি চুম্বনৰ বিনিময় কৰা দেখিবলৈ পোৱা গ’ল৷ নীলা ৰঙৰ ছার্জিকেল মাস্ক পৰিধান কৰি যুৱক–যুৱতীসকলে এই সমূহীয়া বিবাহ অনুষ্ঠানৰ মাংগলিক কার্যত অংশগ্রহণ কৰে৷

উল্লেখনীয় যে ফিলিপাইনছৰ এই বার্ষিক সমূহীয়া বিবাহ ভেলেণ্টাইন দিৱসত সম্পন্ন কৰা হয়৷ ভেলেণ্টাইন দিৱসৰ পৰম্পৰা হিচাপে এইবাৰো এই সমূহীয়া বিবাহ অনুষ্ঠান পলমকৈ হ’লেও দেশখনত অনুষ্ঠিত কৰা হৈছে৷

You might also like