নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পূর্ণৰূপে সংক্রমণমুক্ত ক’ৰোনাৰ অভিকেন্দ্র য়ুহান চহৰ

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ মহামাৰীয়ে বিশ্বজুৰি সংহাৰ সৃষ্টি কৰাৰ ক্ষেত্রত অভিকেন্দ্র হিচাপে চিহ্ণিত হোৱা চীনৰ হুবেই প্রদেশৰ য়ুহান সম্পূর্ণৰূপে ভাইৰাছবিধৰ সংক্রমণৰ পৰা মুক্ত হৈছে৷ তিনি মাহতকৈ অধিক সময় ধৰি য়ুহানত ক’ৰোনাৰ সংক্রমণ প্রতিৰোধী যুঁজ চলাই আহিছে চিকিৎসকসকলে৷ কালি য়ুহানৰ হাস্পতালৰ পৰা ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছত আক্রান্ত অন্তিমগৰাকী ৰোগীক ঘৰলৈ যোৱাৰ অনুমতি দিয়ে চিকিৎসকসকলে৷ লগে লগে বিশ্বজুৰি মহামাৰীৰ অভিকেন্দ্র হিচাপে চিহ্ণিত হোৱা য়ুহান হৈ পৰিছে ক’ৰোনামুক্ত৷ মধ্য চীনৰ এই চহৰখনৰ পৰা বিশ্বজুৰি বিস্তাৰ ঘটে ক’ৰোনা ভাইৰাছৰ৷ অৱশ্যে চীনে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে য়ুহানৰ সৈতে তাৎক্ষণিকভাৱে সম্পর্ক বিচ্ছিন্ন কৰিছিল৷ এনে কঠোৰ পদক্ষেপৰ বাবেই য়ুহান এতিয়া ক’ৰোনাৰ উৎপত্তিস্থল হৈও ভাইৰাছবিধৰ সংক্রমণৰ পৰা মুক্ত হৈছে৷

You might also like