হংকঙত চীনক প্রত্যাহ্বান জনালে কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব আমেৰিকা
নিয়মীয়া বাৰ্তা, ২৬ মেঃ হংকঙৰ ওপৰত চীনে কঠোৰ নিৰাপত্তা আইন বলৱৎ কৰাৰ সিদ্ধান্ত লোৱা ঘটনাক কেন্দ্র কৰি বিশ্বজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ চীন শাসিত এছিয়াৰ সমৃদ্ধিশালী চহৰ হংকংবাসীৰ স্বায়ত্ত শাসনৰ অধিকাৰ খর্ব কৰাৰ বাবেই এই নতুন আইন বলৱৎ কৰাৰ চিন্তা–চর্চা চলোৱা হৈছে বুলি বিশ্বৰ ২৩খন দেশৰ ২০০গৰাকী বিশিষ্ট ৰাজনীতিকে প্রতিক্রিয়া প্রকাশ কৰিছে৷ শেহতীয়াকৈ হংকঙৰ নিৰাপত্তা মুৰব্বী জন লীয়ে সন্ত্রাসবাদৰে মোকাবিলা কৰাৰ বাবে এই কঠোৰ আইনৰ প্রয়োজন হৈছে বুলি উল্লেখ কৰিছে যদিও হোৱাইট হাউছ প্রশাসনে চীনৰ হংকংবিৰোধী যিকোনো কঠোৰ পদক্ষেপৰ প্রত্যুত্তৰ দিব বুলি হুংকাৰ দিছে৷ অর্থাৎ এসময়ৰ ব্রিটিছ কলনী হংকঙত যদি এই নতুন আইন প্রৱর্তন কৰে, তেন্তে চীনৰ বিৰুদ্ধে বাণিজ্যিক নিষেধাজ্ঞা আৰোপ কৰিব পাৰে আমেৰিকাই৷ ইতিমধ্যে ৱাশ্বিংটনৰ বক্তব্যত এই সুৰ ধ্বনিত হোৱাৰ লগে লগে ক্ষুব্ধ হৈ পৰিছে বেইজিং প্রশাসন৷
চীনে স্পষ্ট কৰি দিছে যে হংকঙৰ বিষয়টোক লৈ ৱাশ্বিংটনে যদি কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰে, তেন্তে অনুৰূপ ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব ড’নাল্ড ট্রাম্প প্রশাসন৷ ক’ৰোনা ভাইৰাছ মহামাৰীক কেন্দ্র কৰি ইতিমধ্যে আমেৰিকা আৰু চীনৰ মাজত মতানৈক্য তীব্রতৰ হৈছে৷ দুয়োখন দেশৰ বাণিজ্যিক সম্পর্কৰো চূড়ান্ত অৱনতি ঘটিছে৷ এনে পৰিস্থিতিত হংকঙৰ বিষয় লৈ যদি হোৱাইট হাউছ প্রশাসনে বেইজিঙৰ বিৰুদ্ধে কঠোৰ হয়, তেন্তে দুয়োখন দেশৰ মাজত এক অঘোষিত বাণিজ্যিক যুদ্ধই পুনৰ প্রাণ পাই উঠিব পাৰে৷ ইতিমধ্যে এই আশংকা ঘনীভূত হৈছে৷ ক’ৰোনা ভাইৰাছ চীনে বিয়পোৱা বুলি অভিযোগ কৰি থকা আমেৰিকাক কালি কঠোৰ সকীয়নি দি বেইজিঙে উল্লেখ কৰিছে যে নতুন শীতল যুদ্ধৰ দিশে আগবাঢ়িছে বিশ্বৰ পৰাক্রমী দেশখন৷ এই শীতল যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰিলে হোৱাইট হাউছ সংকটৰ সন্মুখীন হ’ব লাগিব বুলিও সতর্কবাণী কৰিছে চীনৰ বিদেশ মন্ত্রালয়ে৷