হাফিজক ৫ বছৰ ছমাহ কাৰাদণ্ড পাক আদালতৰ
নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ মুম্বাইৰ শিহৰণকাৰী সন্ত্রাসবাদী আক্রমণৰ মাষ্টাৰমাইণ্ড তথা লস্কৰ–ই–তৈবা (এলইটি)ৰ প্রতিষ্ঠাতা হাফিজ ছয়ীদৰ বিৰুদ্ধে পাকিস্তানৰ এখন সন্ত্রাসবাদ প্রতিৰোধী আদালতে কালি ৫ বছৰ ৬ মাহৰ কাৰাদণ্ডৰ ৰায় ঘোষণা কৰিছে৷ সন্ত্রাসবাদত পুঁজি যোগান ধৰাৰ দুটাকৈ গোচৰত দোষী সাব্যস্ত কৰা হৈছে হাফিজক৷ দেশখনৰ সন্ত্রাসবাদবিৰোধী আইন (এটিচি)ৰ বিচাৰপতি আর্শ্বাদ হুছেইন ভাট্টাই ছয়ীদৰ বিৰুদ্ধে ঘোষণা কৰে শাস্তিৰ ৰায়৷
স্মর্তব্য যে লাহোৰৰ এখন আদালতে এই সন্ত্রাসবাদত পুঁজি যোগান ধৰাৰ গোচৰ দুটাত ছয়ীদৰ বিৰুদ্ধে শাস্তিৰ ৰায় ঘোষণা কৰাৰ ক্ষেত্রত বিলম্ব ঘটাইছিল৷ আদালতখনে ছয়ীদৰ বিৰুদ্ধে কাৰাদণ্ডৰ ৰায়ৰ উপৰি দুয়োটা গোচৰত ১৫ হাজাৰকৈ টকা জৰিমনাও বিহিছে৷ উল্লেখনীয় যে দেশখনৰ সন্ত্রাসবিৰোধী আইনৰ ১১এফ(২) আৰু ১১–এন ধাৰাৰ অধীনত আদালতখনে দোষী সাব্যস্ত কৰিছে হাফিজক৷
স্মর্তব্য যে ৰাষ্ট্রসংঘই গোলকীয় সন্ত্রাসবাদী হিচাপে ঘোষণা কৰা হাফিজ ছয়ীদক পাকিস্তানে বিগত সময়ছোৱাত ১৬ বাৰকৈ গ্রেপ্তাৰ কৰিছে যদিও প্রতিবাৰেই সন্ত্রাসবাদী নেতাজনে মুক্তিলাভ কৰিবলৈ সক্ষম হৈছে৷ যোৱা বছৰ জুলাই মাহত ১৩ সহযোগীৰ সৈতে হাফিজক পুনৰ গ্রেপ্তাৰ কৰা হয়৷