নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাফিজ ছয়ীদৰ বিৰুদ্ধে দিল্লীৰ আদালতৰ গ্রেপ্তাৰী পৰোৱানা

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ  জম্মু–কাশ্মীৰত সন্ত্রাসবাদক পুঁজি যোগান ধৰা গোচৰত দিল্লীৰ এখন আদালতে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে লস্কৰ–ই–তৈবাৰ মুৰব্বী তথা মুম্বাইৰ সন্ত্রাসবাদী আক্রমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদৰ বিৰুদ্ধে৷ এনফ’চমেণ্ট সঞ্চালকালয়ে এই গোচৰটো সন্দর্ভত এক চার্জশ্বিট দাখিল কৰাৰ পিছতে আদালতখনে কুখ্যাত সন্ত্রাসবাদী হাফিজৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰে৷

হাফিজৰ বিৰুদ্ধে জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি কৰাৰ উপৰি বিশেষ দণ্ডাধীশ প্রবীণ সিঙে গোচৰটোত তিনি সহভিযুক্তৰ বিৰুদ্ধেও গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে৷ এই অভিযুক্ত তিনিজন হৈছে কাশ্মীৰৰ ব্যৱসায়ী জহুৰ আহমাদ শ্বাহ ৱাটালি, বিচ্ছিন্নতাবাদী নেতা আলতাফ আহমাদ শ্বাহ ওৰফে ফাণ্টুছ আৰু সংযুক্ত আৰব আমীৰশ্বাহী (ইউএই)ৰ ব্যৱসায়ী নৱল কিশোৰ কাপুৰ৷ তিনিওজন অভিযুক্ত দিল্লীৰ তিহাৰ জেলত বন্দী হৈ আছে৷

লক্ষণীয়ভাৱে জম্মু–কাশ্মীৰত সন্ত্রাসবাদক পুঁজি যোগান ধৰা গোচৰত কাশ্মীৰৰ কেইবাগৰাকীও ব্যৱসায়ীয়ে হাফিজৰ সৈতে প্রত্যক্ষ সম্পর্ক ৰক্ষা কৰি চলিছিল বুলি অভিযোগ অনা হৈছে৷

You might also like