তিনি বছৰত ভয়াৱহ তাপদহনত ভুগিব পৃথিৱী
🔹 কার্বন নিঃসৰণ নিয়ন্ত্রণ কৰিবলৈ পদক্ষেপ লোৱা নাই কোনো দেশে
নিউজ ডেস্ক, ২৪ জুন : অভিশাপৰ নাম কার্বন নিঃসৰণ৷ ধাৰাবাহিকভাৱে পৃথিৱীৰ বুকুত কার্বন-ডাই–অক্সাইড বিয়পি থাকিলে আগন্তুক তিনি বছৰত অত্যধিক তাপপ্রবাহৰ সন্মুখীন হ’ব বিশ্ব৷ এই সাৱধানবাণী শুনাইছে বিজ্ঞানী মহলৰ একাংশই৷
তিনি বছৰৰ ভিতৰত পৃথিৱীৰ গড় তাপমাত্রা ১.৫ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাব৷ পেৰিছ জলবায়ু সন্মিলনত এই তাপমাত্রা নির্দিষ্ট অংকত বান্ধি ৰাখিবলৈ সন্মত হৈছিল বিশ্বৰ উন্নত দেশবোৰ৷ কিন্তু কার্বন নিঃসৰণৰ ক্ষেত্রত নিয়ন্ত্রণ লগাবলৈ কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই এই দেশসমূহে৷ ফলত তিনি বছৰৰ ভিতৰত পৰিস্থিতি অধিক ভয়াৱহ হ’ব৷ আনকি পৃথিৱীৰ বিপর্যয়ৰ সময়ো চমু চাপি আহিব বুলি বিজ্ঞানীসকলৰ একাংশই দাবী কৰিছে৷
তথ্য পৰিসংখ্যা বিশ্লেষণ কৰি বিজ্ঞানীসকলে সদৰী কৰিছে যে বিগত ১০ বছৰত অর্থাৎ ২০১৫ৰ পৰা ২০২৪ চনৰ ভিতৰত দুটা পর্যায়ত বিশ্বৰ তাপমাত্রা বৃদ্ধি পাইছে৷ প্রথমবাৰ সেয়া ১.২২ ডিগ্রী চেলছিয়াছ আৰু দ্বিতীয়বাৰ ১.২৪ চেলছিয়াছ৷ এই ধৰণে তাপমাত্রা বৃদ্ধিয়ে তিনি বছৰতে পৰিস্থিতি জটিল কৰি তুলিব বুলি বিজ্ঞানীসকলে মন্তব্য কৰিছে৷