নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০৩ বছৰীয়া বৃদ্ধাই ক’ৰোনা জয় কৰি ক’লে – ‘সাহসী হওক সকলো’

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ ১০৩ বছৰীয়া এগৰাকী বৃদ্ধাই পৰাজিত কৰিলে মাৰাত্মক ক’ভিড-১৯ । সমগ্ৰ বিশ্বৰ বহু সহস্ৰাধিক লোকেই মৃত্যুক আঁকোৱালি লোৱাৰ পিচতো ক’ৰোনাক জয় কৰা এইগৰাকী বৃদ্ধাৰ খবৰে এতিয়া অবাক কৰি তুলিছে সকলোকে । আডা জানুছ’ নামৰ এইগৰাকী মহিলাই ক’ৰোনাক পৰাজয় কৰা বিষয়টো চিকিৎসকসকলৰ বাবেও এতিয়া ৰূপকথাৰ দৰে হৈছে ।

মৃত্যু উপত্যকা ইটালীত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দি সফল হোৱা ১০৩ বছৰীয়া আডাৰ কাহিনী এতিয়া সকলোৰে বাবে হৈ পৰিছে অনুপ্ৰেৰণা । ক’ৰোনাক পৰাজিত কৰি ইটালীক লেচ’না চহৰৰ মাৰিয়া গ্ৰাজিয়া এপাৰ্টমেণ্টলৈ পুনৰ উভতি আহিল এইগৰাকী বৃদ্ধা । টেলিভিছনৰ অথবা বাতৰিকাকত দেশ-বিদেশৰ খবৰ লোৱাত এতিয়া ব্যস্ত হৈ পৰিছে এইগৰাকী আডা জানুছ’ ।

আডাৰ চিকিৎসক কাৰ্লা ফাৰ্নোৱে কৈছিল , তেওঁ খোৱা-বোৱা সম্পূৰ্ণৰূপে এৰি দিছিল । আমিও ভাবিছিলো হয়তো আমি তেওঁক সুস্থ কৰি তুলিব নোৱাৰিম । এসপ্তাহৰ পিচত অত্যন্ত দুৰ্বল হৈ থকা আডাই চকু মেলিলে , এসপ্তাহ ধৰি বিচনাত পৰি থকা আডা বিচনাৰ পৰাও উঠিল । অৱশ্যে তেওঁৰ মনৰ শক্তিয়ে তেওঁক সুস্থ কৰি তুলিলে , নহ’লে এই বয়সত তেওঁ সুস্থ হৈ নুঠিলহেতেন । মহামাৰীৰ ক’ৰোনাক পৰাজিত কৰি আডাই কৈছে – সাহস , শক্তি আৰু বিশ্বাস এই তিনিটা থাকিব লাগিব । নিজকে সকলোৱে সাহসী কৰি তোলক । নিজৰ ওপৰত বিশ্বাস ৰাখক ।

You might also like