নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ খন দেশলৈ বিস্তাৰ ক’ৰোনা ভাইৰাছৰ; ৱুহানত আবদ্ধ ২৫০ ভাৰতীয় শিক্ষার্থী

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ প্রাণঘাতী ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিশ্বৰ বিভিন্ন দেশক শংকিত কৰি তুলিছে৷ চীনত ইতিমধ্যে এই ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ ১০৬গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি বিশ্বজুৰি ৪,৬০০ লোকৰ শৰীৰত ইয়াৰ উপস্থিতি ধৰা পৰিছে৷

শেহতীয়াকৈ চীনৰ পৰা আমেৰিকা, অষ্ট্রেলিয়া, টাইৱান, ছিংগাপুৰ, মাকাউ, জাপান, দক্ষিণ কোৰিয়া, মালয়েছিয়া, ফ্রান্স, ভিয়েটনাম, কানাডা, জার্মানী, শ্রীলংকা, নেপাল আৰু ভাৰতসহ মুঠ ১৫খন দেশলৈ বিস্তাৰ ঘটিছে ক’ৰোনা ভাইৰাছৰ৷ ভাৰতৰ বিহাৰত এগৰাকী চীনৰ পৰা উভতি অহা যুৱতীক এই ভাইৰাছৰ দ্বাৰা সংক্রমিত হোৱাৰ পিছত চিকিৎসা প্রদান কৰাৰ উপৰি পঞ্জাবৰ ম’হালিতো এগৰাকী ২৮ বছৰীয়া লোক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হোৱা বুলি সন্দেহ কৰা হৈছে৷

উল্লেখনীয় যে জার্মানীত প্রথমবাৰৰ বাবে এই ভাইৰাছত এগৰাকী লোক আক্রান্ত হোৱা বুলি দেশখনৰ চৰকাৰে সদৰী কৰিছে৷ ক’ৰোনা ভাইৰাছৰ এই বিস্তাৰৰ পিছতে চীনত বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ চীনৰ পৰা অহা যাত্রীসকলক বিশ্বৰ বিভিন্ন দেশৰ বিমানবন্দৰত সূক্ষ্মভাৱে নিৰীক্ষণো কৰিছে স্বাস্থ্য বিভাগে৷

লক্ষণীয়ভাৱে চীনৰ পৰা অহা ৪৫০গৰাকী ভাৰতীয় নাগৰিকৰ ওপৰত কেন্দ্রীয় স্বাস্থ্য বিভাগৰ নিৰীক্ষণ চলি আছে৷ ইফালে, চীনৰ এই ভাইৰাছবিধৰ কেন্দ্রস্থল হিচাপে চিহ্ণিত হোৱা ৱুহানৰ পৰা ২৫০ ভাৰতীয় শিক্ষার্থীক শীঘ্রেই গৃহভূমিলৈ ওভতাই অনাৰ বাবে নতুন দিল্লী প্রশাসনে তৎপৰতা গ্রহণ কৰিছে৷ চীনত থকা ভাৰতীয় নাগৰিকসকলৰ নিৰাপত্তাৰ বিষয়টোক লৈ কেন্দ্রীয় চৰকাৰে তৎপৰতা গ্রহণ কৰাৰ উপৰি দেশখনৰ পৰা অহা যাত্রীসকলক যাতে চিকিৎসা পৰীক্ষা অবিহনে মুকলি স্থানত ঘূৰিবলৈ সুযোগ দিয়া নহয়, সেই বিষয়টোতো নজৰ দিছে৷

You might also like