নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২ চন পৰ্যন্ত মানি চলিব লাগিব সামাজিক দূৰত্ব

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ লকডাউনৰ ম্যাদ বৃদ্ধি কৰি সমগ্ৰ বিশ্বতে চলিছে ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে ব্যাপক তৎপৰতা । ভাৰতত ইতিমধ্য দ্বিতীয় পৰ্যায়ৰ লকডাউন আগন্তুক ৩ মে পৰ্যন্ত বৃদ্ধি কৰা হৈছে । অৱশ্যে লকডাউন বৃদ্ধিৰ এই সময়তে এক নতুন খবৰ আহিছে হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ।

বিশ্ববিদ্যালয়খনৰ গৱেষকসকলে কৈছে যে ক’ৰোনা মোকাবিলা কৰিবৰ বাবে সমগ্ৰ বিশ্বত ২০২২ চনলৈকে প্ৰয়োজন হ’ব পাৰে সামাজিক দূৰত্বৰ । এতিয়াই যদি সামাজিক দূৰত্ব বজায় ৰখাৰ ক্ষেত্ৰত থকা নিয়ম উঠাই দিয়া হয় তেন্তে আৰু বেছি সময়ৰ প্ৰয়োজন হ’ব পাৰে পৃথিৱীক । মঙলবাৰে প্ৰকাশিত এক গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে এই কথা ।

বৰ্তমান যিদৰে সামাজিক দূৰত্ব বজাই ৰখা হৈছে সেইয়া যথেষ্ট নহয় । বিশ্বৰ বহু বিশেষজ্ঞই এই সময়ছোৱাত যিদৰে ক’ৰোনা প্ৰতিৰোধী কাম হৈছে সেইদৰে সম্পূৰ্ণৰূপে ক’ৰোনাক পৰাভূত কৰিব পৰা নহ’ব বুলিও উল্লেখ কৰিছে । বিভিন্ন সময়ত ই পুনৰ ইনফ্লুয়েঞ্জাৰ দৰে আকৌ আহিব বুলিও কৈছে বিশেষজ্ঞ সকলে ।

হাভাৰ্ড বিশ্ববিদ্যালয়ৰ টি এইচ চেন স্কুল অৱ পাব্লিক হেলথে বিভিন্ন পৰিসংখ্যাৰ ভিত্তিত বহু বছৰৰ বাবে গঢ়ি তুলিছে এক মডেল । গৱেষণাত কোৱা হৈছে যে , তেওঁলোকৰ এই মডেলটো তৈয়াৰ কৰা হৈছে ক’ভিড-১৯ ওপৰত সম্পূৰ্ণৰূপে নজৰ ৰাখিবৰ বাবে । ক’ভিডক পৰাভূত কৰাৰ বাবে বিশ্বৰ বিভিন্ন অঞ্চলৰ ডাটা সংগ্ৰহ কৰাও প্ৰয়োজন বুলি কোৱা হৈছে গৱেষণা পত্ৰত ।

You might also like