২০২৪ত পুনৰ মার্কিন ৰাষ্ট্রপতি নির্বাচনত যুঁজিব বাইডেনে
নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: ২০২৪ত আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত পুনৰ প্রতিদ্বন্দ্বিতা কৰিব জ’ বাইডেনে৷ বিশ্বৰ আটাইতকৈ সমৃদ্ধিশালী দেশখনৰ প্রবীণ ৰাজনীতিবিদ বাইডেনে আনুষ্ঠানিকভাৱে আজি এই কথা ঘোষণা কৰিছে৷ অর্থাৎ আগন্তুক ৰাষ্ট্রপতি নির্বাচনত পুনৰ বাইডেনৰ সৈতে ট্রাম্পৰ যুঁজৰ সম্ভাৱনা প্রকট হৈ পৰিল৷ ৰিপাব্লিকান নেতা ড’নাল্ড ট্রাম্পে ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ অৱশ্যে প্রার্থিত্বৰ দৌৰত অৱতীর্ণ হ’ব লাগিব ট্রাম্প৷