নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৪ চনত নাছাৰ চন্দ্রত পুনৰ মানৱ অৱতৰণ; জোনবাইৰ দক্ষিণ মেৰুত নামিব মহাকাশচাৰী

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা নাছাই ২০২৪ চনত আটেমিছ অভিযানৰ অধীনত পুনৰবাৰ চন্দ্রত মানৱ অৱতৰণ কৰাব৷ এপ’ল অভিযানৰ জৰিয়তে প্রথমবাৰৰ বাবে চন্দ্রত মানৱৰ অৱতৰণৰ পিছত নাছাই ২০২৪ চনত জোনবাইৰ দক্ষিণ মেৰুত মহাকাশচাৰী অৱতৰণ কৰাৰ বাবে ১৩টা স্থান নির্ধাৰিত কৰি লৈছে৷ আটেমিছ কেম্পেইন ডেভেলপমেণ্ট ডিভিজনৰ উপ–সহযোগী প্রশাসক মার্ক কিৰাছিছে প্রকাশ কৰা মতে, চন্দ্রৰ দক্ষিণ মেৰুত নাছাই নির্ধাৰণ কৰা ১৩টা স্থানৰ পৰা মহাকাশচাৰীক অৱতৰণ কৰাই পুনৰ ওভতাই অনাৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰা হৈছে৷

মার্ক কিৰাছিছে বিবৃতিত প্রকাশ কৰা মতে, নির্ধাৰিত কৰা স্থানকেইটা চন্দ্রৰ দক্ষিণ মেৰুৰ এনে অঞ্চলত আছে, য’ত ভৌগোলিক স্থিতি মানৱৰ অৱতৰণৰ বাবে উপযুক্ত হ’ব৷ নির্ধাৰিত কৰা ১৩টা স্থানত ৬.৫ দিন ধৰি সূর্যৰ পোহৰ ধাৰাবাহিকভাৱে পৰি থাকিব৷ এই সূর্যৰ ৰশ্মিৰ বাবেই দীর্ঘদিন ধৰি তাত থকাটো জটিল কিয়নো তাপমাত্রাৰ সালসলনি সঘনাই হোৱাৰ সম্ভাৱনা থাকে৷ এই অভিযানত নাছাই প্রথমবাৰৰ বাবে মহিলা মহাকাশচাৰীক প্রেৰণ কৰিব৷ অর্থাৎ চন্দ্রৰ ভূমিত প্রথম মহিলা মহাকাশচাৰীয়ে অৱতৰণ কৰিব৷ নাছাৰ এই বহু প্রত্যাশিত চন্দ্র অভিযান আটেমিছৰ অংশ হিচাপে ৰকেট আগষ্টৰ শেষৰ ফালে উৎক্ষেপণ কৰিব৷ ৰকেট উৎক্ষেপণৰ বাবে নাছাই তিনিটা দিন বাছনি কৰিছে যদিও কোন দিনা আনুষ্ঠানিকভাৱে উক্ত মিছনৰ বাবে মানৱবিহীন যান প্রেৰণ কৰিব, সেই সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰা নাই৷ তথ্য মতে, ২৯ আগষ্ট, ২ ছেপ্ঢেম্বৰ আৰু ৫ ছেপ্ঢেম্বৰৰ ভিতৰত এই তিনি দিনৰ ভিতৰত এদিন নাছাই আনুষ্ঠানিকভাৱে আটেমিছ অভিযানৰ অংশ হিচাপে মানৱবিহীন যান প্রেৰণ কৰিব৷ এই যান প্রেৰণৰ পিছতহে মানৱসহিত তথা মহাকাশচাৰীৰ সৈতে যান চন্দ্রলৈ প্রেৰণ কৰিব৷

You might also like