নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাৰ বিভিন্ন বিদ্যালয়ত জল জীৱন আঁচনিৰ নামত স্থাপন কৰা পানী যোগান আচঁনিত বৃহৎ দুৰ্নীতি

অতি নিম্ন মানৰ কামৰে লাখ লাখ টকা লুণ্ঠন ঠিকাদাৰৰ :

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট:  ন-ন আঁচনি গ্ৰহণেৰে চমক সৃষ্টি কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়া,ঠিকাদাৰৰ বাবে খীৰতি গাই হিচাপে পৰিগণিত হৈছে বিভাগটোৰ একাংশ আঁচনি ।  শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী জল জীৱন  আঁচনিৰ জৰিয়তে লখিমপুৰ জিলাৰ নাওবৈচা শিক্ষা খণ্ডৰ অধীনস্থ বিদ্যালয়সমূহত ৰূপায়ন কৰি থকা পানী যোগান আঁচনি সমূহত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। জল জীৱন  আঁচনি ৰূপায়ণৰ নামত বিভাগটোৰ বিষয়াসকলে কোটি কোটি টকা ধাৰ্য কৰে যদিও আঁচনি ৰূপায়ণৰ নামত সিংহ ভাগ ধন বিভাগটোৰ বিষয়া,ঠিকাদাৰে মিলি উদৰস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।  অভিযোগ অনুসৰি  নাওবৈচা শিক্ষা খণ্ডৰ  বিভিন্ন বিদ্যালয়ত   বিকল পানী যোগান আঁচনি সমূহ নিৰ্মাণৰ নামত বিভাগটোৱে লাখ লাখ টকা মুকলি কৰি দিয়ে যদিও ন্যূনতম কাম কৰি সমুদায় ধন বিষয়া,ঠিকাদাৰে উদৰস্থ কৰাৰ অভিযোগ এতিয়া নাওবৈচাবাসীৰ মুখে মুখে। নাওবৈচা শিক্ষা খণ্ডৰ অধীনস্থ ভৰলুৱা প্ৰাথমিক বিদ্যালয়, বালিগাঁও অৰুনোদয় প্ৰাথমিক বিদ্যালয়, নেহেৰুস্মৃতি মধ্য ইংৰাজী বিদ্যালয়, গোসাঁনীবাৰী  প্ৰাথমিক বিদ্যালয়, বঙলাচুক প্রাথমিক বিদ্যালয়কে  ধৰি বিভিন্ন বিদ্যালয়ত জল জীৱন আঁচনিৰ অধীনত নিৰ্মাণ কৰি থকা পানী যোগান আঁচনিসমূহত দায়িত্বপ্ৰাপ্ত ঠিকাদাৰ সকলে অতি নিম্ন মানৰ কামৰে পানী যোগান আঁচনি সমূহ নিৰ্মাণ কৰি লাখ লাখ টকা লুণ্ঠন চলাই আহিছে। আঁচনিসমূহ প্ৰাক:কলন অনুসৰি নিৰ্মান নকৰি ঠিকাদাৰৰ নিজ ইচ্ছামতে নিৰ্মাণ কৰাত বৰ্তমান পানী যোগান আঁচনি সমূহ প্ৰহসনতহে পৰিণত হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সকলে বিদ্যালয়সমূহত আঁচনি সমূহ ৰূপায়ন কৰাৰ নামত পুৰণা দমকলৰ পানী পাইপত মটৰ সংযোগ কৰা, পুৰণা পকাখুটাত পানীৰ টেংকী স্থাপন কৰা, ৰান্ধনী গৃহ,শৌচালায় আৰু টেংকীৰ লগত তিনিটা পানীৰ সংযোগ থাকিব লাগে যদিও এটা বা দুটাতে সংযোগ কৰি কাম সম্পূৰ্ণ কৰিছে। তদুপৰি পানীৰ টেপসমূহ ওলোটাকৈ সংযোগ কৰাৰ বুলিও জানিব পৰা গৈছে। আনহাতে টেংকীসমূহ সমূহ ৰখা  ষ্টেণ্ডও জোখতকৈ চাপৰ কৰাৰ বিষয়েও একাংশ বিদ্যালয়ৰ প্ৰদান শিক্ষকে অৱগত কৰে।  ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে  বৰ্তমানলৈকে এটুপি বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হোৱা নাই । আঁচনিৰ ৰূপায়ণৰ নামত চৰকাৰী ৰাজকোষৰ পৰা বৃহৎ ধন ওলাই যোৱাৰ পাছতো পানী যোগান আঁচনি সমূহৰ পৰা প্ৰাক:কলন অনুসৰি নিৰ্মান নকৰি কেৱল জেপ গধুৰ কৰাত বৰ্তমান নাওবৈচাত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিখন ফ্ল’প চত পৰিণত হৈছে।
You might also like