নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ গৰাকী সেৱিকাসহ বিলাসী হোটেলত ‘ছেল্ফ আইছুলেচন’ থাইলেণ্ডৰ ৰজাৰ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ সমগ্ৰ বিশ্বত ক’ৰোনাৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে নিজকে এই মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ সকলো লোকেই পালন কৰিছে ছেল্ফ আইছুলেচন । থাইলেণ্ডৰ ৰজা ভাজিৰালংকৰ্ণেও এতিয়া ক’ৰোনাৰ ভয়াৱহতাৰ পৰা বাচিবলৈ আছে ছেল্ফ আইছুলেচনত ।

পিছে এইগৰাকী ৰজাৰ ছেল্ফ আইছুলেচনৰ বিষয়টোৱে যেন আমোদ দিছে সকলোকে । জামাৰ্নীৰ এখন বিলাসী হোটেলত আইছ’লেট হৈ থকা ৰজা গৰাকীয়ে লগত নিছে ২০ গৰাকী বিশেষ মহিলা সেৱিকা ।

জাৰ্মান কাকত বিল্ডত প্ৰকাশিত খবৰ অনুযায়ী ২০ গৰাকী মহিলা সেৱিকাৰ উপৰিও ৰজাৰ লগত আছে কেইজনমান কৰ্মচাৰীৰ লগতে দেহৰক্ষী । ৬৭ বছৰীয়া থাইলেণ্ডৰ এইগৰাকী ৰজাৰ চাৰিগৰাকীকৈ ৰাণী আছে যদিও ছেল্ফ আইছুলেচনৰ এই সময়ত তেওঁলোক লগত আছে নে নাই সেইটো জানিব পৰা হোৱা নাই ।

থাইলেণ্ডত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ সমান্তৰালভাৱে প্ৰজাৰ প্ৰতি কোনো দায়িত্ব নথকা এইগৰাকী ৰজাই নিজকে ৰক্ষা কৰিবলৈ জাৰ্মানীৰ হোটেলত থকা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে । ছ’চিয়েল মিডিয়াত হাজাৰ হাজাৰ লোকে এতিয়া সমালোচনা কৰিছে ৰজা ভাজিৰালংকৰ্ণক ।

You might also like