নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ বছৰ পাছত তেলৰ মূল্য সর্বনিম্ন আমেৰিকাত

ক’ৰোনা মহামাৰীয়ে গভীৰ সংকটত পেলাব বিশ্ব অর্থনীতিক

নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ ক’ৰোনা ভাইৰাছ মহামাৰীয়ে বিশ্বৰ বিভিন্ন দেশত আর্থিক সংকট সৃষ্টি কৰাৰ লগতে আমেৰিকাতো ইয়াৰ প্রতিকূল প্রভাৱ পৰা পৰিলক্ষিত হৈছে৷ দেশখনত ২১ বছৰৰ পাছত ভয়াৱহভাৱে হ্রাস পাইছে তেলৰ মূল্য৷ ১৯৯৯ৰ পাছত তেলৰ চাহিদা হ্রাস পাইছে বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি তেল খৰচ হোৱা দেশখনত৷ আমেৰিকাৰ তেলৰ বজাৰৰ বেঞ্চমার্ক হিচাপে চিহ্ণিত ৱেষ্ট টেক্সাছ ইণ্টাৰ মিডিয়েট (ডব্লিউটিআই)ৰ তৰফৰ পৰা সদৰী কৰা তথ্য অনুসৰি তেলৰ দাম প্রতি বেৰেলত ১৪ শতাংশ অর্থাৎ ১৫.৬৫ ডলাৰ হ্রাস পাইছে৷ এয়া দেশখনৰ অর্থনীতিলৈ এক অশনি সংকেত হিচাপে চিহ্ণিত হৈছে৷ ১৯৯৯ চনৰ পাছত তেলৰ বজাৰত এতিয়া আৰম্ভ হৈছে বৃহৎ মন্দা৷ তৈল উদ্যোগবোৰলৈ নামি আহিছে এক অনিশ্চয়তা৷ ভৱিষ্যৎ দিনলৈ ক’ৰোনা মহামাৰীৰ এই সংকট অব্যাহত থাকিলে সমগ্র আমেৰিকাত তেলৰ মূল্য অধিক হ্রাস পাব৷ অকল সেয়াই নহয়, বিশ্বৰ তেলৰ বজাৰলৈ নামি আহিব মন্দা অৱস্থা৷ গতিকে ক’ৰোনা মহামাৰীৰ সংকটে এতিয়া বিশ্বৰ তেলৰ বজাৰখনত সৃষ্টি কৰিছে নতুন আশংকা৷ স্মর্তব্য যে তেলৰ বজাৰত চলি থকা এই মন্দা অৱস্থাৰ বাবেই বিশ্বৰ বিভিন্ন দেশে অপেকক তেলৰ মূল্য নির্ধাৰণৰ ক্ষেত্রত নতুন প্রস্তাৱ আগবঢ়াইছে৷ কিন্তু আমেৰিকাকে ধৰি কেইবাখনো দেশে ইয়াক মানি লোৱা নাই৷ পৰিণতিত বিশ্বজুৰি আহি পৰা সংকটৰ সন্মুখীন হৈছে আমেৰিকা আৰু ইউৰোপৰ সমৃদ্ধিশালী দেশবোৰ ৷

You might also like