২২২ বছৰ পাচত প্ৰথমবাৰৰ বাবে বাতিল হ’ব পাৰে হজ
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ছৌদি আৰৱত । যাৰ পৰিপ্ৰেক্ষিতত মুছলমান সমাজৰ সৰ্বোচ্চ ধৰ্মীয় জমায়েত পবিত্ৰ হজ বাতিল হোৱাৰ সম্ভাৱনা দেখা দিছে । ক’ৰোনাৰ বাবে মক্কা-মদিনা সকলোতে এতিয়া জাৰি কৰা হৈছে কাৰ্ফিউ । ব্ৰিটিছ সংবাদ প্ৰতিষ্ঠান দ্য গাৰ্ডিয়ানৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে , ক’ৰোনাৰ ফলত এনে পৰিস্থিতিৰ বাবে এইবাৰ বাতিল হ’ব পাৰে হজ । ১৭৯৮ চনৰ পিচত প্ৰথমবাৰৰ বাবে বাতিল হ’ব পাৰে হজ । ইয়াৰ পূৰ্বে ১৯১৮ চনত স্পেনিছ ফ্লু মহামাৰীৰ সময়তো মক্কা আৰু মদিনা চহৰ বন্ধ কৰা হোৱা নাছিল ।
ছৌদি আৰবৰ হজ আৰু ওমৰাহ বিষয়ক মন্ত্ৰী মহম্মদ চালেহ বিন তাহেৰ বান্তেনে কৈছে , ‘ছৌদি আৰবৰ নাগৰিকসকলৰ সুৰক্ষাৰ কথাত কোনোধৰণৰ আপোচ কৰা নহ’ব । ক’ৰোনাৰ পৰিস্থিতি সম্পৰ্কে পৰিষ্কাৰ ধাৰণা নহা পৰ্যন্ত আনুষ্ঠানিকভাৱে হজৰ বিষয়ে কোনো চুক্তি স্বাক্ষৰ কৰা সিদ্ধান্ত লোৱা নাই । মুছলমান দেশসমূহকো অনুৰোধ কৰা হৈছে যাতে হজ যাত্ৰাক লৈ তেওঁলোক উৎকণ্ঠিত হৈ নাথাকে । ক’ৰোনা মহামাৰীৰ গতি-প্ৰকৃতি ওপৰত নিৰ্ভৰ কৰি লোৱা হ’ব সিদ্ধান্ত ।’
ছৌদি আৰৱত বৰ্তমানলৈকে ১,৮৮৫ জন লোক আক্ৰান্ত হৈছে ক’ৰোনাত । মৃত্যু হৈছে ২১ জনকৈ লোকৰ । ২২২ পূৰ্বেও এবাৰ বাতিল হৈছিল হজ । মক্কা আৰু মদিনা দুয়োখন চহৰেই হৈছে হজযাত্ৰাৰ কেন্দ্ৰবিন্দু । ক’ৰোনাৰ প্ৰকোপৰ বাবে বিগত এমাহ ধৰি দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি ৰখা হৈছে চহৰ দুখন । জাৰি কৰা হৈছে কাৰ্ফিউ ।