২৭ ফুট দূৰত্বতো সংক্ৰমিত হয় ক’ৰোনাঃ সলনি হ’ব নেকি WHO ৰ গাইডলাইন
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে সামাজিক দূৰত্ব বজায় ৰখাৰ আহ্বান জনাইছিল বিশ্ব স্বাস্থ্য সংস্থাই । বিশ্ব স্বাস্থ্য সংস্থাৰ গাইড লাইন অনুসৰি ১ মিটাৰ অৰ্থাৎ তিনি ফুট দূৰত্ব বজাই ৰখাৰ আহ্বান জনাইছিল চিকিৎসকসকলে । ইফালে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্বনে কৈছে – দুজন মানুহৰ মাজত কমপক্ষেও ছয় ফুট অৰ্থাৎ ২ মিটাৰ দূৰত্ব থাকিলে ক’ৰোনা সংক্ৰমিত হোৱাৰ সম্ভাৱনা নাথাকে । বিশ্ব স্বাস্থ্য সংস্থা আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল প্ৰিভেনশ্বনৰ এই সকলো নিয়মক এইবাৰ পোনচাটেই নস্যাৎ কৰিছে এগৰাকী মাৰ্কিন গৱেষকে ।
মাৰ্কিন গৱেষক লিডিয়া ব’ৰ’য়ুবাই কৈছে – ১৯৩০ চনৰ এক তথ্যৰ ভিত্তিত ২০২০ চনত নিৰ্দেশনা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই । ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে তিনি ফুট অথবা ছয় ফুট দূৰত্ব বজাই ৰখা বিষয়টো সম্পূৰ্ণৰূপে নিৰাপদ নহয় । বিগত সপ্তাহত আমেৰিকান মেডিকেল এছ’চিয়েচনৰ জাৰ্ণালত প্ৰকাশিত বৈজ্ঞানিক প্ৰবন্ধ এইগৰাকী গৱেষকে কৈছে, দুজন মানুহৰ মাজত ২৩ ৰ পৰা ২৭ ফুট দূৰত্ব বজায় ৰাখিলেও ক’ৰোনা সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে ।
লিডিয়া ব’ৰ’য়ুবাৰ এই দাবী অৱশ্যে এই পৰ্যন্ত নস্যাৎ কৰিব পৰা বিশ্ব স্বাস্থ্য সংস্থা । এমআইটিৰ এইগৰাকী গৱেষকে দিয়া নতুন তথ্যৰ ভিত্তিত বিশ্ব স্বাস্থ্য সংস্থাৰ এক বিবৃতিত কোৱা হৈছে – ক’ৰোনা সন্দৰ্ভত আৰু তথ্য লাভ কৰিলে গাইডলাইন সলনি কৰা হ’ব । অৱশ্যে এইগৰাকী গৱেষকে সংস্থাৰ গাইডলাইন সলনি কৰাৰ বাবে দাবী তুলিছে । তেওঁ কৈছে এই গাইডলাইন মানি মানুহ নিৰাপদে থাকিব নোৱাৰে । এই ধৰণৰ তিনি ফুট অথবা ছয় ফুট দূৰত্ব বজায় ৰাখিলেও আক্ৰান্ত হ’ব ক’ৰোনাত ।