৩ মুছলমান যাত্ৰীক কিয় নমাই দিয়া হ’ল বিমানৰ পৰা ? ডেল্টা এয়াৰলাইনছলৈ জৰিমনা
নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ তিনিগৰাকী মুছলমান যাত্ৰীক বিমানৰ পৰা নমাই দিয়াৰ পাচতেই এতিয়া ডেল্টা এয়াৰলাইনছ্ক জৰিমনাৰ নিৰ্দেশ দিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰিবহণ বিভাগে । একেটা বছৰতে দুটা এনে ধৰণৰ কাণ্ড সংঘটিত কৰিছে ডেল্টা এয়াৰলাইনছে ।
ঘটনাটি আছিল ২০১৬ চনৰ পেৰিছৰ । এগৰাকী বিমান যাত্ৰীয়ে ফ্লাইট এটেনডেণ্টক কয় যে, অন্য দুজন যাত্ৰক দেখি তেওঁৰ মনত শংকা হৈছে । কাৰণ এই দুজনৰ এগৰাকী মহিলাই কাপোৰেৰে ঢাকি ৰাখিছে মুখমণ্ডল । আৰু মহিলা যাত্ৰীগৰাকীয়ে নিজৰ মোবাইলত একাধিক বাৰ টাইপ কৰিছে আল্লাহ । এই ঘটনাটি জানিব পাৰি বিমানৰ পাইলট ছিকিউৰিটি অফিচাৰ আহি দুয়োজন যাত্ৰীকে বিমানৰ পৰা নমাই দিয়াৰ লগতে পুনৰবাৰ বিমানত উঠিবলৈও দিয়া নহয় । ঘটনাৰ পাচতেই দুয়োগৰাকী যাত্ৰীয়ে মাৰ্কিন পৰিবহণ বিভাগক অভিযোগ দাখিল কৰে ।
এই ঘটনাৰ পাঁচোটা দিন পাচত পুনৰ একেই ঘটনা সংঘটিত হয় আমষ্টাৰদামত । এজন মুছলমান যাত্ৰীৰ চাল-চলন দেখি ফ্লাইট এটেনডেণ্টৰ লগতে আপত্তি প্ৰকাশ কৰা অন্য যাত্ৰীয়ে । তাৰ পিচতেই এইগৰাকী যাত্ৰীকো নিজৰ মালবস্তুৰ সৈতে নমাই দিয়া হয় বিমানৰ পৰা । এই ঘটনাৰ পাচত যাত্ৰীগৰাকীয়ে অন্য এখন বিমানত পুনৰ উভতি আহিব লগা হয় নিউয়ৰ্কলৈ ।
এই দুয়োটা বৈষম্যমূলক ঘটনাৰ পাচতেই মাৰ্কিন পৰিবহণ বিভাগে ডেল্টা এয়াৰলাইনছৰ ভাৰতীয় মূল্য অনুসৰি ৩৫,৬৬,৫০০ টকাৰ জৰিমনা বিহিছে । মাৰ্কিন পৰিবহণ বিভাগৰ মতে দুয়োটা ঘটনাতেই বৈষম্যমূলক আচৰণ কৰা হৈছে ডেল্টা এয়াৰলাইনছত ।
অৱশ্যে চৰকাৰী বিভাগৰ এই বৈষম্যৰ অভিযোগৰ পাচতো নিজৰ ভুল স্বীকাৰ কৰা নাই ডেল্টা এয়াৰলাইনছে । বিমান সংস্থাৰ পৰা জানিবলৈ দিয়া হৈছে যে, দুয়োটা ঘটনাই তেওঁলোকৰ ধৰ্মৰ বাবে সংঘটিত হোৱা নাই বৰঞ্চ তেওঁলোকৰ সন্দেহজনক আচৰণৰ বাবে বিমানৰ পৰা নমাই দিয়া হৈছে তিনিওজন যাত্ৰীক ।