৮০ শতাংশ ক’ৰোনাত আক্রান্ত বিপদমুক্ত
চীনৰ চিচিডিচিৰ প্রতিবেদন প্রকাশঃ ৱুহানত স্বাস্থ্য সঞ্চালকৰ প্রাণহানি
নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ মাৰাত্মক ক’ৰোনা ভাইৰাছত চীনত ৭০ সহস্রাধিক লোক আক্রান্ত হোৱা বুলি মঙলবাৰে বেইজিং প্রশাসনে ঘোষণা কৰিছে ৷ চীনৰ স্বাস্থ্য মন্ত্রালয়ৰ পৰা প্রথমবাৰৰ বাবে প্রকাশ কৰা হৈছে এক গুৰুত্বপূর্ণ প্রতিবেদন ৷ বিশ্ব স্বাস্থ্য সংস্থা(হু)ই ক’ভিড–১৯ নামেৰে নামকৰণ কৰা এই ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা ৮০ শতাংশ লোকৰ অৱস্থা সংকটমুক্ত ৷ চীনৰ ৰোগ নিয়ন্ত্রণ তথা প্রতিৰোধ কেন্দ্র (চিচিডিচি)ৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য ৷ ৮০ শতাংশ আক্রান্ত লোক কোনো ধৰণৰ সংকটৰ সন্মুখীন হোৱা নাই বুলি প্রতিবেদনত উল্লেখ কৰাৰ উপৰি ১৩.৮ শতাংশৰ অৱস্থা সংকটজনক আৰু ৪.৭ শতাংশৰ অৱস্থাত আটাইতকৈ জটিল বুলি ঘোষণা কৰা হৈছে ৷ ক’ৰোনাৰ সংক্রমণত আটাইতকৈ বেছি বয়োজ্যেষ্ঠ লোকে প্রাণ হেৰুৱাইছে ৷ ৮০ বা তাৰ ঊর্ধ্বৰ বয়সৰ প্রাণ হেৰুওৱা লোকৰ হাৰ ১৪.৮ শতাংশ৷ ইফালে, অন্য ৰোগত অসুস্থ হৈ থকা লোকসকল ক’ৰোনাৰ দ্বাৰা সংক্রমিত হোৱাৰ পিছত তেওঁলোকৰ জীৱন ৰক্ষা কৰাটো কঠিন হৈ পৰা বুলি ঘোষণা কৰিছে চিচিডিচিয়ে ৷ লক্ষণীয়ভাৱে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ অভিকেন্দ্র হিচাপে চিহ্ণিত হোৱা ৱুহানত কেইবাশও চিকিৎসক তথা স্বাস্থ্যকর্মীয়ো আক্রান্ত হৈছে ৷ মঙলবাৰে ৱুহানত প্রাণ হেৰুৱাইছে এখন হাস্পতালৰ এগৰাকী বিশিষ্ট চিকিৎসক তথা সঞ্চালকে ৷ এতিয়ালৈকে চীন তথা বিশ্বৰ বিভিন্ন দেশত এই মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ১৮ শতাধিক লোকে৷ অৱশ্যে চীনৰ ৱুহানতেই ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা আটাইতকৈ বেছি৷ ইউৰোপ আৰু আমেৰিকাত তিনিগৰাকী লোকে প্রাণ হেৰুৱাইছে যদিও এই তিনিওগৰাকী চীনৰ নাগৰিক৷ এছিয়াৰ দেশসমূহত শেহতীয়াকৈ ক’ৰোনা ভাইৰাছক লৈ বৃদ্ধি পাইছে অধিক সতর্কতা ৷