নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ লক্ষাধিকৰ গণহত্যাত জড়িত কুখ্যাত অপৰাধীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৫ মেঃ আফ্রিকান ৰাষ্ট্র ৰাৱাণ্ডাৰ ১৯৯৪ চনৰ গণহত্যাত জড়িত ব্যৱসায়ী ফেলিচিয়েন কাবুগাক ফ্রান্সৰ ৰাজধানী পেৰিছৰ উপকণ্ঠীয় অঞ্চলৰ পৰা যোৱা সপ্তাহত গ্রেপ্তাৰ কৰা হৈছে৷ সুদীর্ঘ ২৬ বছৰ ধৰি দুখনকৈ মহাদেশৰ বিভিন্ন ৰাষ্ট্রৰ চোৰাংচোৱাৰ চকুত ধূলি দি পলায়ন কৰি আছিল কাবুগা৷ ৮৪ বছৰীয়া কাবুগাক কৰায়ত্ত কৰি বিচাৰৰ গণ্ডীলৈ অনাৰ বাবে গঠন কৰা হৈছিল আন্তর্জাতিক ন্যায়াধিকৰণ৷ ২৮টাকৈ ছদ্মনাম লৈ ইউৰোপ আৰু আফ্রিকাৰ নিৰাপত্তা সংস্থাসমূহৰ চকুত ধূলি দি আছিল কাবুগাই৷ স্মর্তব্য যে ৰাষ্ট্রসংঘৰ যুদ্ধ–পৰাধৰ গোচৰৰ বিচাৰ প্রক্রিয়া চলাই অহা আইনজ্ঞ চেৰজে ব্রামার্টাজে কাবুগাক গ্রেপ্তাৰ কৰিবলৈ কেইবাটাও আন্তর্জাতিক সংস্থাক দায়িত্ব প্রদান কৰিছিল৷ ১৯৯৪ চনত ৰাৱাণ্ডাত সংঘটিত ১০০দিনীয়া গোষ্ঠী সংঘর্ষত হুটু বিদ্রোহীয়ে হত্যা কৰিছিল ৮ লক্ষাধিক লোকক৷ চাহ ব্যৱসায়ী কাবুগাই হুটু বিদ্রোহীক বিভিন্ন ধৰণে সহায় কৰিছিল নিজৰ বাণিজ্যিক সাম্রাজ্য বিস্তাৰ কৰিবলৈ৷ কুখ্যাত অপৰাধী কাবুগা গ্রেপ্তাৰ হোৱাৰ লগে লগে ইউৰোপৰ কেইবাখনো দেশৰ নিৰাপত্তা সংস্থাই তেওঁক জিম্মাত লোৱাৰ চিন্তা–চর্চা চলাইছে৷ ৰাষ্ট্রসংঘৰ আন্তর্জাতিক ন্যায়াধিকৰণৰ এগৰাকী বিচাৰপতিয়ে সংবাদ সংস্থা বিবিচিক জনোৱা অনুসৰি ব্রিটেইন, ফ্রান্স আৰু বেলজিয়ামত সঘনে গোপন ঘাটী সলনি কৰিছিল কাবুগাই৷ মাত্র দুমাহ পূর্বে আফ্রিকান ৰাষ্ট্রখনৰ শিহৰণকাৰী গণহত্যাৰ নায়ক কাবুগাই ফ্রান্সৰ ৰাজধানী পেৰিছৰ উপকণ্ঠীয় অঞ্চলত আশ্রয় লৈ থকাটো নিশ্চিত কৰে আন্তর্জাতিক ন্যায়াধিকৰণে৷

You might also like