ৰাষ্ট্রসংঘৰ নতুন তথ্য ইৰাকত আইএছ–এ খোপনি পুতিছে
নিয়মীয়া বাৰ্তা, ২০ মেঃ ইৰাকত ইছলামিক ষ্টেট (আইএছ)ৰ অস্তিত্ব নাই বুলি কৰা ধাৰণা সলনি কৰিলে ৰাষ্ট্রসংঘই৷ বিশ্বৰ সর্বোচ্চ সংস্থাটিৰ অনুসন্ধানকাৰী দল এটাই ইৰাক ভ্রমণ কৰি দেশখনত সন্ত্রাসবাদী সংগঠনটিয়ে পুনৰ খোপনি পুতিবলৈ ধৰাৰ তথ্য লাভ কৰিছে৷
নতুন তথ্য মতে, ইৰাকত আই এছৰ দুর্ধর্ষ সন্ত্রাসবাদীসকলে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হৈছে৷ দেশখনত ২০১৪ চনৰ পৰা য়াজিদি সংখ্যালঘু সম্প্রদায়ৰ ওপৰত চলি থকা হিংসাত্মক ঘটনা–পৰাধৰ তথ্য অধ্যয়ন কৰাৰ লগতে দুই নিযুততকৈ অধিক ফোন কলৰ তথ্যৰ সমীক্ষা চলাই ৰাষ্ট্রসংঘৰ অনুসন্ধানকাৰী দলটোৱে দেশখনত পুনৰ শক্তিশালী ৰূপত আই এছ–এ মূৰ দাঙি উঠিব পাৰে বুলি নতুনকৈ তথ্য প্রকাশ কৰিছে৷
উল্লেখ্য যে ইছলামিক ষ্টেটে ইৰাক আৰু ছিৰিয়াক সাঙুৰি নিজ সাম্রাজ্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল যদিও পিছলৈ আমেৰিকা যুক্তৰাষ্ট্রৰ সন্মিলিত বাহিনীয়ে সেয়া উৎখাত কৰিবলৈ সক্ষম হৈছিল৷ ইৰাকত সমূলঞ্চে উৎখাত কৰাৰ পিছত ছিৰিয়াতো উৎখাত কৰিবলৈ সক্ষম হৈছে৷ ৰাষ্ট্রসংঘৰ নতুন তথ্যই পুনৰ আই এছ–এ খোপনি পোতাটো নিশ্চিতকৈ ভয়াৱহ৷