নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘তোমালোকক লৈ ১৪০ কোটি ভাৰতীয় গৌৰৱান্বিত’

🔹 ৰোহিত-বিৰাট-দ্রাবিড়ক ফোনত অভিনন্দন প্রধানমন্ত্রী মোদীৰ
🔹 মই টিভি চালে আমি পৰাজিত হওঁ, কান্দিছোঁ কেৱল কান্দিছোঁ : অমিতাভ বচ্চন

বিশেষ বাৰ্তা, ৩০ জুন : দক্ষিণ আফ্রিকাক ৭ ৰানত পৰাজিত কৰি টি–২০ বিশ্বকাপ জয় কৰিলে ভাৰতে৷ সুদীর্ঘ ১৭ বছৰ পিছত পুনৰ টি–২০ বিশ্বকাপ নিজৰ দেশলৈ আনিলে টীম ইণ্ডিয়াই৷ কালি মাজনিশা ৰোহিত বাহিনীয়ে বিশ্বকাপৰ সুদৃশ্য ট্রফী দাঙি ধৰাৰ লগে লগে বিশ্বজুৰি আৰম্ভ হয় বিজয়োৎসৱ৷ কোটি কোটি ক্রিকেট অনুৰাগীৰ লগতে প্রাক্তন ক্রিকেটাৰ আৰু ক্রিকেট বিশেষজ্ঞসকলেও আনন্দত আত্মহাৰা হৈ পৰে৷ মাজনিশা ৰাজপথলৈ ওলাই আহি দেশৰ বিভিন্ন চহৰৰ ক্রিকেট অনুৰাগীসকলে বিজয় উৎসৱত অংশগ্রহণ কৰে৷ বিভিন্ন স্থানত আতচবাজীৰে অঘোষিত দীপাৱলী উদযাপন কৰে অনুৰাগীসকলে৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনেও আৱেগ বান্ধি ৰাখিব নোৱাৰিলে ৷ উল্লেখ্য যে যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰত পৰাজিত হোৱাৰ দিনা খেলপথাৰত উপস্থিত আছিল প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ৰোহিত শর্মাৰ দলটো পৰাজিত হৈ কান্দোনত ভাগি পৰাৰ সময়ত ড্রেচিং ৰুমলৈ গৈ বুকুৰ মাজলৈ টানি আনি ৰোহিত আৰু কোহলিহঁতক সান্ত্বনা দিছিল প্রধানমন্ত্রীগৰাকীয়ে৷ কিন্তু টি–২০ বিশ্বকাপৰ ফাইনেলৰ সময়ত উপস্থিত থাকিব পৰা নাছিল মোদী৷ সেইবাবে জয়লাভৰ পিছতে ফোনযোগে ৰোহিতহঁতক জনায় যে তেওঁলোকৰ বাবে ১৪০ কোটি ভাৰতীয় গর্বিত৷ প্রধানমন্ত্রী মোদীয়ে তেওঁৰ এক্স হেণ্ডেলত ৰোহিত, বিৰাট আৰু দ্রাবিড়ৰ সৈতে ফোনত বার্তালাপ কৰাৰ মুহূর্তৰ ছবিও পোষ্ট কৰে৷ ৰোহিতক মোদীয়ে কয়– ‘তোমাৰ আগ্রাসী বেটিং আৰু অধিনায়কত্বই ভাৰতীয় দলক নতুন দুৱাৰ মুকলি কৰি দিছে৷ তোমাৰ টি–২০ কেৰিয়াৰ সকলোৰে স্মৰণীয় হৈ থাকিব৷ তোমাৰ লগত কথা পাতি ভাল লাগিছে৷’ আনহাতে, বিৰাটক মোদীয়ে কয়– ‘তোমাৰ সৈতে কথা পাতি সুখী হৈছোঁ৷ ফাইনেলৰ দৰেই তুমি ভাৰতীয় বেটিঙক নিজৰ কান্ধত তুলি ল’বলৈ সক্ষম হৈছা৷ তুমি সকলো ধৰণৰ ক্রিকেটত সফল৷ টি–২০ ক্রিকেটত তোমাৰ অভাৱ অনুভৱ হ’ব৷ মই ভাবোঁ- তুমি পৰৱর্তী প্রজন্মক অনুপ্রাণিত কৰিবা৷’ প্রশিক্ষক দ্রাবিড়ক মোদীয়ে কয়– ‘প্রশিক্ষক হিচাপে ভাৰতীয় দলক প্রস্তুত কৰিব পাৰিছা৷ তুমি নিজকে এই কামত উচর্গা কৰিছা৷ তোমাৰ পৰিকল্পনা আৰু প্রতিভাৰ সন্ধান কৰি দলক সলনি কৰি পেলাইছা৷ তোমাক পাই ভাৰত ধন্য৷ পৰৱর্তী প্রজন্ম অনুপ্রাণিত হ’ব৷ দ্রাবিড়ৰ হাতত বিশ্বকাপ দেখি মই সুখী৷’ ভাৰতে ট্রফী জয় কৰাৰ পিছত নিজৰ আনন্দৰ কথা ব্যক্ত কৰিছে কেপ্টেইন কুল মহেন্দ্র সিং ধোনীয়েও৷ ধোনীয়ে ভাৰতে জয়লাভ কৰাৰ পিছতে সমগ্র দলটোক শুভেচ্ছা জনাইছে৷ ভাৰতক প্রথমবাৰ টি–২০ বিশ্বকাপ উপহাৰ দিছিল ধোনীয়ে৷ ২০০৭ চনৰ জোহান্সবার্গৰ সেই মুহূর্তই উভতি আহিল ৱেষ্ট ইণ্ডিজৰ বার্বাডোজত৷ জয়লাভৰ এঘণ্টাৰ পিছতে ইনষ্টাগ্রামত ধোনীয়ে লিখিছে– বিশ্বকাপ চেম্পিয়ন ২০২৪৷ মোৰ হূদস্পন্দন বাঢ়ি গৈছিল৷ শান্ত হৈ থাকি নিজৰ প্রতি বিশ্বাস ৰাখি তোমালোকে সফল হৈ দেখুৱালা৷ দেশ–বিদেশত থকা সকলো ভাৰতীয়ই আজি বিশ্বকাপ জয় কৰাৰ বাবে তোমালোকক ধন্যবাদ জনাব বিচাৰে৷ এক্স হেণ্ডলত বার্তা লিখিছে শচীন তেণ্ডুলকাৰেও৷ তেওঁ লিখিছে- ভাৰতীয় দলৰ জাৰ্ছীত যিমানবোৰ তাৰকা যুক্ত হয়, আমাৰ নতুন প্রজন্মৰ ল’ৰা–ছোৱালী সিমানেই স্বপ্ণৰ দিশে আগুৱাই যায়৷ ভাৰতীয় জাৰ্ছীত তেওঁলোকে চতুর্থটো তাৰকা সমযোগ কৰিলে৷ ভাৰতীয় দললৈ শুভেচ্ছা জনাইছে প্রাক্তন কিংবদন্তী বেটাৰ সুনীল গাভাস্কাৰ, বিশ্ববিজয়ী অধিনায়ক কপিল দেৱ, ভিভিএছ লক্ষ্মণ আদিৰ নিচিনা তাৰকাসকলেও৷ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনেও ভাৰতৰ বিজয়ত ধৰি ৰাখিব নোৱাৰিলে চকুপানী৷ সামাজিক মাধ্যমত তেওঁ লিখিছে– ‘ভাৰতীয় ক্রিকেটাৰসকলৰ দৰে ময়ো কান্দিছোঁ৷ ভাৰত বিশ্বশ্রেষ্ঠ৷ উত্তেজনা, আৱেগ, আনন্দ সকলো একাকাৰ হৈ গৈছে৷ টিভি চোৱা নাছিলোঁ৷ মই টিভি চালে আমি পৰাজিত হওঁ৷ কান্দিছোঁ কেৱল কান্দিছোঁ৷ ভাৰতীয় ক্রিকেটাৰসকলৰ দৰে মই কান্দিছোঁ৷

You might also like