তামিলনাডুত ৰে’লত অগ্নিকাণ্ড : ১০জনৰ প্ৰাণহানি
🔹 অবৈধভাৱে কঢ়িয়াইছিল গেছ চিলিণ্ডাৰ
বিশেষ বাৰ্তা, ২৬ আগষ্ট : তামিলনাডুৰ মাদুৰাই ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। দক্ষিণ ৰে’লৱেৰ বিষয়াসকলে জনোৱা মতে, লক্ষ্ণৌৰ পৰা ৰামেশ্বৰমলৈ যোৱা পুনালুৰ-মাদুৰাই এক্সপ্ৰেছৰ এটা বিশেষ দবাত পুৱা প্ৰায় ৫.১৫ বজাত অগ্নিকাণ্ড সংঘটিত হয়। এই দবাটো এদল তীৰ্থযাত্ৰীয়ে ভাৰাত লৈছিল। দলটোৱে দবাটোত অবৈধভাৱে ৰখা এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এতিয়ালৈকে ১০জন লোকৰ মৃত্যু হৈছে আৰু ২০জন আহত হৈছে। দক্ষিণ ৰে’লৱেৰ তথ্য অনুসৰি, তামিলনাডুৰ ৰে’ল দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দহ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব। অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হৈ বহু কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণ কৰে। আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।