নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানী সেনা-ৰ বিষয়াসহ ১০জন নিহত

বেলুচিস্তান লিবাৰেচন আর্মীৰ সেনাৰ কনভয়ত আক্রমণ

নিউজ ডেস্ক, ২৭ এপ্রিল : অপহৰণ, লেণ্ডমাইণ্ড বিস্ফোৰণেৰে ৰাজনৈতিক নেতাক হত্যা কৰাৰ পিছত এইবাৰ বেলুচিস্তান লিবাৰেচন আর্মীয়ে পাকিস্তানী সেনা-ৰ কনভয়ত ভয়াৱহ আক্রমণ চলাইছে৷ বেলুচিস্তান প্রদেশৰ ৰাজধানী কোৱেটাৰ পৰা কিছু নিলগত শুকুৰবাৰে নিশা বেলুচিস্তান বিদ্রোহীয়ে পাক সেনাৰ কনভয়ত ভয়াৱহ আক্রমণ চলায়৷ লিবাৰেচন আর্মীৰ মুখপাত্র জেনাদ বালোছে এই আক্রমণৰ দায়িত্ব স্বীকাৰ কৰি কয় যে ইছলামাবাদৰ আগ্রাসী আচৰণৰ বাবেই এই আক্রমণ চলোৱা হৈছে৷ বিগত মাহকেইটাত ৰে’ল হাইজেক, কোৱেটাৰ অর্ধসামৰিক বাহিনীৰ ওপৰত আইইডি বিস্ফোৰণ, সেনাৰ কনভয়ত আত্মঘাতী আক্রমণৰ প্রসংগ উল্লেখ কৰি মুখপাত্র জেনাদ বালোছে কয় যে পাকিস্তানী সেনাৰ কনভয়ত লিবাৰেচন আর্মীৰ আত্মঘাতী বাহিনী মজিদ বিগ্রেডে এই আক্রমণ চলাইছে৷ আক্রমণত এজন সামৰিক বিষয়া নিহত হোৱাৰ লগতে ৯জন সেনা জোৱান নিহত হৈছে৷ উল্লেখনীয় যে বেলুচিস্তানত বিগত মাহত বেলুচ গোষ্ঠীৰ  দুই সশস্ত্র সংগঠন বেলুচিস্তান লিবাৰেচন ফ্রণ্ট, বেলুচ, ৰিপাব্লিক, গার্ডছ আৰু সিন্ধু প্রদেশৰ সক্রিয় বিদ্রোহী সংগঠন সিন্ধু দেশ ৰিভিউলুচনাৰী আর্মীৰ সৈতে বেলুচিস্তান আর্মী মিলিত হৈছে৷ ইছলামাবাদৰ অভিযোগ মতে, ভাৰতৰ সহযোগিতাৰ বাবে এই বিদ্রোহী সংগঠনকেইটা একত্রিত হৈছে৷

You might also like