নাইজেৰিয়াত বন্দুকধাৰীৰ নির্বিচাৰ গুলীচালনাত ১০০ কৃষকৰ মৃত্যু
🔹 গাঁৱত প্রৱেশ কৰি দুর্বৃত্তই জ্বলালে ঘৰ : বহু লোক সন্ধানহীন
নিউজ ডেস্ক, ১৬ জুন : আফ্রিকান ৰাষ্ট্র নাইজেৰিয়াত বন্দুকধাৰীৰ নির্বিচাৰ গুলীত নিহত হৈছে কমপক্ষেও ১০০জন৷ এই ঘটনাত সন্ধানহীন হৈ আছে বহু লোক৷ শনিবাৰে নিশা এই শিহৰণকাৰী আক্রমণৰ কথা সদৰী কৰিছে আন্তর্জাতিক মানৱ অধিকাৰ সংগঠন এমনেষ্টি ইণ্টাৰনেচনেলে৷ শনিবাৰে নিশা সংগঠনটোৱে নিজৰ এক্স হেণ্ডেলত সদৰী কৰা অনুসৰি নাইজেৰিয়াৰ বেনু জিলাৰ ইলিওটা গাঁৱত বন্দুকধাৰীৰ এটা দলে হঠাতে আক্রমণ চলায়৷ নির্বিচাৰে চলোৱা এই গুলীচালনাত কমপক্ষেও ১০০জন গঞা নিহত হৈছে৷
এমনেষ্টিয়ে উল্লেখ কৰা অনুসৰি বহু লোকক অপহৰণ কৰি নিছে বন্দুকধাৰীয়ে৷ আনকি বহু পৰিয়ালক ঘৰৰ দুৱাৰ বন্ধ কৰি জীৱন্তে জ্বলোৱা বুলিও মানৱ অধিকাৰ সংস্থাটোৱে সদৰী কৰিছে৷ আহত লোকসকলে পর্যাপ্ত চিকিৎসা লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি এমনেষ্টিয়ে সংবাদ মাধ্যমক জনাইছে৷
সূত্রই সদৰী কৰা অনুসৰি এই নৃশংস আক্রমণৰ ঘটনাত মৃত্যু হৈছে মূলতঃ অঞ্চলটোৰ কৃষকসকলৰ৷ নাইজেৰিয়াজুৰি চলি আছে প্রবল খাদ্য সংকট৷ ইয়াৰ মাজতে এনেদৰে গাঁও অঞ্চলত প্রৱেশ কৰি দুর্বৃত্তই কৃষকসকলক হত্যা কৰাৰ ফলত আগন্তুক দিনত খাদ্য সংকটে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ মধ্য নাইজেৰিয়াৰ বেনু জিলা অতীতত একাধিক হিংস্র ঘটনাৰ সাক্ষী হ’বলগীয়া হৈছে৷ এই অঞ্চলটোৰ উত্তৰ অংশ মুছলমানপ্রধান যদিও দক্ষিণ অংশত আছে খ্রীষ্টানসকলৰ আধিপত্য৷ গতিকে সঘনে এই জিলাখনত দুয়োটা অংশৰ মানুহৰ মাজত সাম্প্রদায়িক সংঘর্ষৰ সৃষ্টি হয়৷ ইয়াৰ উপৰি ভূমিক লৈ দীর্ঘদিন ধৰি দুয়োটা পক্ষৰ মাজত আছে বিবাদ৷ এই বিবাদৰ ফলতে অঞ্চলটোত কেইবাটাও শিহৰণকাৰী গণহত্যা সংঘটিত হৈছে৷
নাইজেৰিয়া প্রশাসনৰ তৰফৰ পৰা শেহতীয়া এই আক্রমণৰ ঘটনা সন্দর্ভত অৱশ্যে কোনোধৰণৰ তথ্য সদৰী কৰা হোৱা নাই৷ স্মর্তব্য যে পূর্বেও নাইজেৰিয়া চৰকাৰে এই অঞ্চলটোত সংঘটিত সাম্প্রদায়িক সংঘর্ষ নিয়ন্ত্রণ কৰাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাছিল বুলি অভিযোগ উঠিছিল৷