নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানত ১০০ ইজৰাইলী যুদ্ধ বিমানৰ বোমাবর্ষণ

🔹 মধ্যপ্রাচ্যত ৰণদুন্দুভি

নিউজ ডেস্ক, ২৭ অক্টোবৰ : মধ্যপ্রাচ্যত এখন পূর্ণাংগ যুদ্ধৰ দুন্দুভি বাজিল৷ ইৰানৰ ওপৰত শুকুৰবাৰে নিশা ইজৰাইলে প্রত্যক্ষ আক্রমণ কৰাৰ লগে লগে মধ্যপ্রাচ্যত এখন পূর্ণাংগ যুদ্ধৰ সূচনা হয়৷ যোৱা ১ অক্টোবৰত ইৰানে ইজৰাইলৰ ওপৰত ২০০ মিছাইলেৰে আক্রমণ কৰাৰ প্রত্যাক্রমণত ‘অনুশোচনা অভিযান দিৱস’ৰে শুকুৰবাৰে ওৰেনিশা ইজৰাইলৰ প্রতিৰক্ষা বাহিনীয়ে ১০০ যুদ্ধবিমানেৰে তেহৰানত আক্রমণ কৰে৷ তেহৰানস্থিত ২০ সামৰিক ঘাটিক লক্ষ্য কৰি ইজৰাইলৰ প্রতিৰক্ষা বাহিনীয়ে ১০০ যুদ্ধবিমানেৰে তিনিটা পর্যায়ত ওৰেনিশা আক্রমণ কৰে৷ প্রথম পর্যায়ত ইজৰাইলে ইৰানৰ ৰাডাৰ আৰু বায়ু প্রতিৰক্ষা ব্যৱস্থাত আঘাত হানে৷ যুদ্ধবিমানেৰে ইজৰাইলী সেনাই আকাশমার্গৰ বাধা আঁতৰাই দ্বিতীয় আৰু তৃতীয় পর্যায়ত যুদ্ধবিমানেৰে ইৰানৰ সামৰিক ঘাটি, মিছাইল আৰু ড্রোন পৰিচালিত ঘাটিত আক্রমণ কৰে৷ ইজৰাইলৰ যুদ্ধবিমানৰ বোমা বিস্ফোৰণত ৰাজধানী তেহৰানত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়৷ সামৰিক ঘাটিত ইজৰাইলী সেনাই কৰা আক্রমণত দুজন ইৰানী সেনাৰ মৃত্যু হয়৷ তেহৰানৰ ওপৰত আক্রমণ কৰা সন্দর্ভত ইৰানৰ প্রতিৰক্ষা বাহিনীয়ে কয় যে ইৰানৰ শাসকে ইজৰাইলৰ ওপৰত চলোৱা আক্রমণৰ প্রতিশোধকল্পে তেহৰানত তিনিটা পর্যায়ত যুদ্ধবিমানেৰে আক্রমণ কৰা হৈছে৷ সামৰিক ঘাটিক আক্রমণৰ মূল লক্ষ্য কৰি লৈ ইছলামিক ৰিপাব্লিক অৱ ইৰানক সকীয়াই দিয়া হৈছে৷ তেহৰানৰ ২০টা ঘাটিত আক্রমণৰ সময়ত ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহু আৰু প্রতিৰক্ষামন্ত্রী য়োভ গেলেণ্টে সেনাৰ মুখ্য কার্যালয়ৰ পৰা সমগ্র পৰিক্রমা নিৰীক্ষণ কৰে৷ উল্লেখ্য যে সন্ত্রাসবাদী সংগঠন হামাছ আৰু হিজবুল্লাৰ মুৰব্বীক ইজৰাইলে আক্রমণেৰে হত্যা কৰাৰ প্রতিশোধকল্পে ইৰানে ইজৰাইলৰ ওপৰত মিছাইলেৰে আক্রমণ কৰিছিল৷ ইৰানৰ এই আক্রমণৰ পাছত ইজৰাইলে প্রায় মাহ ধৰি গোপনে থাকি যোৱানিশা হঠাতে ১০০ যুদ্ধবিমানেৰে ৰাজধানী তেহৰানত আক্রমণ কৰে৷ ইৰানৰ ওপৰত চলোৱা আক্রমণত ইজৰাইলে পঞ্চম প্রজন্মৰ এফ–৩৫ আদিৰ যুদ্ধ বিমান, এফ–১৫ ৰাম, এফ–১৬ ছুফা বায়ু প্রতিৰক্ষা যুদ্ধবিমান ব্যৱহাৰ কৰে৷ এই বিমানে প্রায় দুহাজাৰ কিলোমিটাৰ সাঙুৰি আক্রমণ কৰিব পাৰে৷ ইজৰাইলে সাধাৰণ নাগৰিকৰ বিপৰীতে সামৰিক বাহিনীৰ ঘাটিক আক্রমণৰ লক্ষ্য হিচাপে ল’লেও পাৰমাণৱিক কেন্দ্রক এই আক্রমণৰ পৰা আঁতৰাই ৰাখে৷ ইজৰাইল প্রতিৰক্ষা বাহিনীয়ে প্রকাশ কৰা মতে, ২৫–৩০ যুদ্ধবিমানৰ গোটেৰে প্রথমে আক্রমণ কৰাৰ পাছত ১০খন যুদ্ধবিমানে এই বিমানক আৱৰি লৈ পুনৰ মিছাইল আক্রমণ চলায়৷ ইৰান আৰু ইজৰাইলৰ এই প্রত্যক্ষ সংঘাতে মধ্যপ্রাচ্যত এখন পূর্ণাংগ যুদ্ধৰ সূচনা কৰাক লৈ পশ্চিমীয়া দেশসমূহ উদ্বিগ্ণ হৈ পৰিছে৷ ইৰানৰ ওপৰত প্রত্যক্ষ আক্রমণ কৰাৰ পূর্বে ইজৰাইলে হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে গাজা, হিজবুল্লাৰ বিৰুদ্ধে লেবাননকে ধৰি য়েমেনতো আক্রমণ চলাই আছে৷ ইজৰাইলে ওৰেনিশা চলোৱা আক্রমণত তেহৰানৰ সীমিত ক্ষতি হোৱা বুলি ইৰানে দাবী কৰিছে৷ আনপিনে ইজৰাইলে আকাশীমার্গেৰে চলোৱা আক্রমণৰ পৰিপ্রেক্ষিতত ইৰানে অসামৰিক বিমানসেৱা পৰৱর্তী জাননী নিদিয়ালৈকে বন্ধ ৰাখিছে৷ সকলো বিমানৰ বাবে ইৰানৰ আকাশমার্গ নিষিদ্ধ কৰা হৈছে৷ ইৰান আৰু ইজৰাইলৰ প্রত্যক্ষ সংঘাতৰ পাছতেই ভাৰতে প্রতিক্রিয়া ব্যক্ত কৰি শান্তি আৰু সুস্থিৰতাৰ স্বার্থত দুয়ো দেশক সংযমী হ’বলৈ আহ্বান জনাইছে৷

You might also like