নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইন যুদ্ধত উঃ কোৰিয়াৰ ১০০ সৈনিক নিহত

🔹 দক্ষিণ কোৰিয়া–আমেৰিকাৰ দাবী : যুদ্ধভূমিত সহস্রাধিক জোৱান আহত

নিউজ ডেস্ক, ২০ ডিচেম্বৰ : ইউক্রেইন যুদ্ধত ৰুছ বাহিনীক সহায় কৰা উত্তৰ কোৰিয়াৰ কমপক্ষেও ১০০জন সৈনিক নিহত হৈছে৷ চলিত মাহৰ আৰম্ভণিতে উত্তৰ কোৰিয়াৰ সেনাৰ এই জোৱানসকল নিহত হোৱা বুলি দাবী কৰিছে দক্ষিণ কোৰিয়াই৷ দক্ষিণ কোৰিয়াৰ সাংসদ লী ছুং–ৱোনে সংবাদ মাধ্যমক জনোৱা অনুসৰি ৰুছ বাহিনীক সহায় কৰিবলৈ গৈ যুদ্ধত প্রাণ হেৰুৱাবলগীয়া হৈছে উত্তৰ কোৰিয়াৰ এই সৈনিকসকলে৷ উল্লেখনীয় যে দেশখনৰ চোৰাংচোৱা সংস্থাৰ বক্তব্যৰ উদ্ধৃতি দি সংসদতো এই তথ্য সদৰী কৰে সাংসদগৰাকীয়ে৷ ইফালে, যুদ্ধভূমিত প্রায় এহেজাৰ উত্তৰ কোৰিয়াৰ সৈনিক আহত হোৱা বুলি দাবী কৰিছে সাংসদ লীয়ে৷ পূর্বৰে পৰা ৰাছিয়াত যুদ্ধ কৰি থকা উত্তৰ কোৰিয়াৰ সৈনিক নিহত হোৱা বুলি দাবী কৰি আহিছে আমেৰিকাসহ পাশ্চাত্যৰ কেইবাখনো দেশে৷ স্মর্তব্য যে যোৱা অক্টোবৰ মাহত উত্তৰ কোৰিয়াই ৰাছিয়ালৈ ১০,০০০ সৈনিক প্রেৰণ কৰা বুলি বিভিন্ন সংবাদ সংস্থাই দাবী কৰিছিল৷ যোৱা সোমবাৰে আমেৰিকাৰ প্রতিৰক্ষা দপ্তৰ পেণ্টাগনৰ এগৰাকী মুখপাত্রয়ো উত্তৰ কোৰিয়াৰ শতাধিক জোৱান ইউক্রেইনৰে যুদ্ধত নিহত হোৱা বুলি দাবী কৰিছিল৷ তাৎক্ষণিকভাৱে ইউক্রেইনে এই সন্দর্ভত সবিশেষ তথ্য সদৰী কৰা নাই৷ লক্ষণীয়ভাৱে উত্তৰ কোৰিয়াৰ সৈনিকসকলৰ প্রতিৰোধী যুদ্ধৰ অভিজ্ঞতা নাই বুলি আমেৰিকাসহ পাশ্চাত্যৰ বিভিন্ন দেশে দাবী কৰি আহিছে৷ ৰাছিয়াৰ কুর্স্ক অঞ্চলত ইউক্রেইনৰ বিৰুদ্ধে প্রতিৰোধী যুদ্ধত উত্তৰ কোৰিয়াৰ জোৱানসকলক মোতায়েন কৰা বুলি বিভিন্ন সংবাদ সংস্থাই দাবী কৰি আহিছে৷ তাৎপর্যপূর্ণভাৱে ৰাছিয়া বা ইউক্রেইনৰ তৰফৰ পৰা এই সন্দর্ভত কোনো তথ্য সদৰী কৰা হোৱা নাই৷ লক্ষণীয়ভাৱে উত্তৰ কোৰিয়াই ৰাছিয়াক যুদ্ধত সহায় কৰিব বুলি প্রতিশ্রুতি দিছে যদিও সেনা প্রেৰণৰ বিষয়টো সন্দর্ভত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷ কেৱল দক্ষিণ কোৰিয়াৰ চোৰাংচোৱাৰ সূত্রৰ উদ্ধৃতি দি বিভিন্ন দেশে ৰাছিয়াত উত্তৰ কোৰিয়াৰ সৈনিকে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ কৰি থকা বুলি দাবী কৰি আহিছে৷

You might also like