বছৰি ১,০০০ পাক হিন্দু কন্যাক ধর্মান্তৰকৰণ
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ ইছলামিক দেশ পাকিস্তানত ধর্মীয় সংখ্যালঘু নির্যাতনৰ ঘটনা স্বাভাৱিক৷ বিশ্বৰ বিভিন্ন দেশে এই সন্দর্ভত চাঞ্চল্যকৰ তথ্য প্রকাশ কৰি আহিছে যদিও পাকিস্তানৰেই স্বতন্ত্র সংস্থা মানৱ অধিকাৰ আয়োগে শেহতীয়াকৈ ধর্মীয় সংখ্যালঘুক বলপূর্বকভাৱে বিভিন্ন কৌশলেৰে ধর্মান্তৰকৰণ কৰি থকা বুলি তথ্য প্রকাশ কৰিছে৷ তথ্য মতে, প্রতিবছৰে এক হাজাৰ পাকিস্তানী হিন্দু কন্যাক ইছলামলৈ বলপূর্বকভাৱে ধর্মান্তৰিত কৰা হয়৷ বিদ্যালয়লৈ যোৱা হিন্দু কন্যাৰ উপৰি খ্রীষ্টান আৰু শিখৰ কন্যাক অপহৰণ কৰি নি বলপূর্বক যৌন নির্যাতন চলায় আৰু পাছলৈ বিবাহপাশত আবদ্ধ হ’বলৈ বাধ্য কৰায়৷ এই নির্যাতিত ধর্মীয় সংখ্যালঘু কন্যাক বিবাহৰ জৰিয়তে ইছলামলৈ ধর্মান্তৰিত কৰে৷ মানৱ অধিকাৰ আয়োগে প্রকাশ কৰা মতে ল’ৰাৰ বাবে কইনা বিচাৰি ধর্মীয় সংখ্যালঘুক অপহৰণ কৰা হয়৷
তদুপৰি শক্তিশালী মাটিৰ মালিকসকলে ধাৰলৈ দিয়া টকাৰ বিনিময়ত কন্যাক বলপূর্বকভাৱে নিজৰ অধীনলৈ আনে আৰু পাছলৈ এনে কন্যাক ধর্মান্তকৰণ কৰে৷ পৰিণতিত ধর্ষণৰ বলি হৈ ধর্মীয় সংখ্যালঘুৰ কন্যাসকলে ইছলাম ধর্মাৱলম্বী লোকৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ বাধ্য হয়৷ উল্লেখ্য যে ২২০ নিযুত জনসংখ্যাৰ দেশখনত মাত্র ৩.৬ শতাংশ ধর্মীয় সংখ্যালঘু বসবাস কৰি আহিছে৷ এনে ক্ষেত্রত এই ধর্মীয় সংখ্যালঘুসকলক বিভিন্ন প্রকাৰে নির্যাতন চলোৱাৰ লগতে কন্যাসকলক লক্ষ্য কৰি লয়৷ লক্ষণীয় যে ১৮ বছৰৰ অধীনৰ কন্যাৰ বিয়া আইনসন্মত নহয় যদিও দেশখনত ১৮ বছৰ অনূর্ধ্বৰ ধর্মীয় সংখ্যালঘুৰ কন্যাক অপহৰণ কৰি নি ধর্ষণ কৰে আৰু ইছলাম ধর্ম গ্রহণ কৰিবলৈ বাধ্য কৰায়৷ হিন্দু, খ্রীষ্টান আৰু শিখৰ কন্যাক এই ধর্মান্তৰকৰণৰ লক্ষ্য কৰি ল’লেও সর্বাধিক ধর্মান্তৰকৰণৰ বলি হৈছে হিন্দুৰ কন্যা৷