ব’ল্টৰ সৈতে ১০৪ কোটিৰ জালিয়াতি
🔹 আর্থিক প্রৱঞ্চনাৰ বলি বিশ্বৰ জীৱন্ত দ্রুতমানৱ
নিউজ ডেস্ক, ১৭ ফেব্রুৱাৰী : আর্থিক প্রৱঞ্চনাৰ বলি বিশ্বৰ জীৱন্ত দ্রুতমানৱ উছেহন ব’ল্ট৷ প্রায় ১ কোটি ২০ লাখ ডলাৰ অর্থাৎ ১০৪ কোটি টকা লোকচান হৈছে জামাইকাৰ তাৰকা স্পিণ্টাৰগৰাকীৰ৷ তেওঁৰ অধিবক্তা লিণ্টন গর্ডনে অভিযোগ কৰিছে যে ইয়াৰ আঁৰত জামাইকা চৰকাৰ আছে৷ বিগত ১৩ বছৰ ধৰি জামাইকা ষ্ট’কছ এণ্ড ছিকিউৰিটিজ লিমিটেড (এছএছএল)ত বিনিয়োগ কৰি আহিছে ব’ল্টে৷ ২০১২ চনত তেওঁ পর্যায়ক্রমে ১ কোটি ২০ লাখ টকা বিনিয়োগ কৰিছিল৷ সেই টকা তেওঁ কেতিয়াও উলিয়াব পৰা নাছিল৷ টকা জমা কৰাৰ বাবেও তেওঁক ৰচিদ দিয়া হৈছিল৷ পিছত এদিন নথি–পত্র পৰীক্ষা কৰিবলৈ যাওঁতে তেওঁ দেখিলে যে সকলো টকা নোহোৱা হৈ গৈছে৷ শেহতীয়াকৈ ব’ল্টৰ সাক্ষাৎকাৰ দিয়াৰ পিছতে এই বিষয় পোহৰলৈ আহে৷ ব’ল্টে কয় যে তেওঁ এই বিষয়ে ৰাজহুৱাভাৱে উত্থাপন কৰা নাছিল, কাৰণ তেওঁ এই বিষয়ে কথা ক’ব নিবিচাৰে৷ অৱশ্যে ভৱিষ্যতে জামাইকাত পুনৰ বিনিয়োগ নকৰে বুলিও ইংগিত দিয়ে৷ ব’ল্টৰ অধিবক্তাই কয় যে উছেহন ব’ল্টৰ বিৰুদ্ধে সংগঠিতভাৱে সমগ্র বিষয়টোৰ অভিযোগ উত্থাপন কৰা হৈছে৷ তেওঁ ভালপোৱা দেশখনত বিনিয়োগ কৰাৰ বাহিৰে আন কোনো অপৰাধ কৰা নাই৷ ব’ল্টক দোষী সাব্যস্ত কৰিবলৈ কিতাপখনৰ পৃষ্ঠাবোৰ ঘূৰাই চিত্রনাট্য অনুসৰণ কৰাৰ চেষ্টা চলোৱা হৈছে৷ চৰকাৰে নিজৰ ভুল ঢাকিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে৷