নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱাস যোজনাৰ ধন লৈ প্রেমিকৰে পলায়ন ১১ বোৱাৰীৰ

🔹 থানাত অভিযোগ দুৰ্ভগীয়া স্বামীৰ

বিশেষ বাৰ্তা, ১১ জুলাই : প্রধানমন্ত্রী আৱাস যোজনাৰ টকা লৈ প্রেমিকৰ সৈতে পলায়ন! এই কীর্তি কৰিলে উত্তৰপ্রদেশৰ ১১গৰাকী বোৱাৰীয়ে৷ জানিব পৰা গৈছে যে নিজৰ স্বামী–সংসাৰ ত্যাগ কৰি ১১গৰাকী বোৱাৰীয়ে পলায়ন কৰিছে৷ উল্লেখনীয় যে কিছুদিন পূর্বে উত্তৰ প্রদেশৰ মহাৰাজগঞ্জ জিলাৰ ২৩৫০গৰাকী আবেদনকাৰীৰ একাউণ্টত প্রধানমন্ত্রী আৱাস যোজনাৰ প্রথম কিস্তিৰ টকা জমা হৈছে৷ ইয়াৰ পাছতে প্রেমিকসকলৰ সৈতে ঘৰ ত্যাগ কৰে ১১গৰাকী বোৱাৰীয়ে৷ উত্তৰ প্রদেশৰ সংবাদ মাধ্যমে সদৰী কৰিছে এই তথ্য৷ প্রথম কিস্তিৰ ধন হিচাপে ৪০ হাজাৰকৈ টকা প্রত্যেকেই লাভ কৰিছে৷ ইয়াৰ পাছতে ঘৰ ত্যাগ কৰে ১১গৰাকী বোৱাৰীয়ে৷ অকল তেওঁলোকেই নহয়, লগত গৈছে তেওঁলোকৰ প্রেমিকসকলো৷ আৱাস যোজনাৰ টকা লৈ এনেদৰে পলায়ন কৰাৰ পাছতে ১১ বোৱাৰীৰ স্বামীয়ে অভিযোগ দাখিল কৰে থানাত৷ এই ঘটনাৰ পাছতে বিষয়টোক লৈ চাঞ্চল্যৰ সৃষ্টি হয় সমগ্র অঞ্চলত৷ পলাতক ১১ বোৱাৰীৰ সন্ধানত তালাচী অভিযানো আৰম্ভ কৰিছে আৰক্ষীয়ে৷ লগে লগে বন্ধ কৰি দিয়া হৈছে আৱাস যোজনাৰ দ্বিতীয় কিস্তিৰ ধন৷ উত্তৰ প্রদেশত এয়াই প্রথম নহয়, ইয়াৰ পূর্বেও অনুৰূপ ঘটনা সংঘটিত হৈছিল৷ যোৱা বছৰ একে ধৰেণে আৱাস যোজনাৰ টকা লৈ প্রেমিকৰ সৈতে পলায়ন কৰিছিল ৪গৰাকী বোৱাৰীয়ে৷ সেইবাৰ ৫০ হাজাৰকৈ টকা লৈ পলাইছিল বোৱাৰীকেইগৰাকীয়ে৷ উল্লেখনীয় যে প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত গ্রামীণ আৰু চহৰ অঞ্চলত নিম্ন মধ্যবিত্ত তথা দুখীয়া লোকসকলক ঘৰ নির্মাণৰ কাৰণে সাহায্য আগবঢ়াই থকা হৈছে৷

You might also like