নৈশ ক্লাবত মর্মান্তিক ঘটনা, ১১৩জনৰ প্ৰাণহানি
🔹 সংগীতানুষ্ঠান চলি থকা সময়তে খহি পৰিল প্রাসাদৰ মূধচ
নিউজ ডেস্ক, ১০ এপ্রিল : লেটিন আমেৰিকাৰ ৰাষ্ট্র ড’মিনিকান ৰিপাব্লিকত এক মর্মান্তিক ঘটনাত ১১৩জন লোকৰ প্রাণহানি হোৱাৰ লগতে শতাধিক লোক আহত হৈছে৷ দেশখনৰ ৰাজধানী ছাণ্টো ড’মিংগোত নৈশ ক্লাবৰ মূধচ খহি এই মর্মান্তিক ঘটনাটো ঘটিছে৷ এই শোকাৱহ ঘটনাটোত প্রাক্তন মেজৰ লীগ বেছবল পিচ্ছাৰ তথা প্রাক্তন গৱর্নৰ অ’ক্টাভিঅ’ ডোটেল’সহ ১১৩জনৰ মৃত্যু ঘটিছে৷ নৈশ ক্লাবটোৰ ধ্বংসস্তূপত আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অভিযান চলাই আছে৷ উদ্ধাৰ হৈছে নিহতৰ মৃতদেহ আৰু আহতক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ কৰি থকা হৈছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, মঙলবাৰে পুৱতি নিশা জনপ্রিয় মেৰেংগু সংগীত শিল্পী ৰাবী পেৰেজে ছাণ্টো ড’মিংগোৰ জেট ছেট নাইট ক্লাবত সংগীত পৰিৱেশন কৰি থাকোঁতে মূধচ খহি পৰে৷ মূধচ খহি পৰাৰ ফলত সংগীত শিল্পী, তেওঁৰ মেনেজাৰ আৰু শতাধিক লোক হতাহত হয়৷ সংগীত কার্যসূচী সেই সময়ত উপভোগ কৰি আছিল কেইবাশ লোকে৷ চাৰি শতাধিক উদ্ধাৰকাৰী জোৱানে নৈশ ক্লাবটোৰ ধ্বংসস্তূপত উদ্ধাৰ অভিযান চলায়৷ সংগীত পৰিৱেশন কৰি থকাৰ সময়তে এই মর্মান্তিক ঘটনাটো সংঘটিত হোৱাৰ ফলত হতাহতৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে৷ প্রশাসনে এতিয়ালৈকে এই ঘটনাৰ কাৰণ প্রকাশ কৰা নাই৷ দেশখনৰ ৰাষ্ট্রপতি লুইছ আবিনাডেৰে এই ঘটনাত শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতৰ শীঘ্রে আৰোগ্য কামনা কৰিছে৷ আহতসকলৰ চিকিৎসাৰ ক্ষেত্রত কোনোধৰণৰ গাফিলতি নকৰিবলৈও ৰাষ্ট্রপতিগৰাকীয়ে নির্দেশ দিছে৷ এই দুর্ঘটনাটোত দেশখনৰ কেইবাজনো প্রসিদ্ধ লোকৰ মৃত্যু ঘটাত শোকবিহ্বল পৰিৱেশৰ সৃষ্টি হৈছে৷ ঘটনা সংঘটিত হোৱাৰ পিছত দৃশ্যসমূহ কোনো লোকে ম’বাইলযোগে ৰেকর্ডিং কৰি সামাজিক মাধ্যমযোগে প্রচাৰ কৰাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে৷