নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ সংঘর্ষত নিহত ১২ দুর্ধর্ষ মাওবাদী

বিশেষ বাৰ্তা, ১১ মে’ : ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে অভিযানত নিৰাপত্তা বাহিনীয়ে ইটোৰ পিছত সিটো বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ যোৱানিশা ৰাজ্যখনৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰে সংঘর্ষত ১২ দুর্ধর্ষ মাওবাদী সদস্য নিহত হৈছে৷ গোপন সূত্রৰ পম খেদি বিজাপুৰ জিলাৰ গাংগালুৰ অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলোৱাৰ সময়তে মাওবাদীৰ সৈতে ভয়াৱহ সংঘর্ষ হয়৷ এই সংঘর্ষত ১২ মাওবাদী সদস্য নিহত হৈছে৷ ইতিমধ্যে আটাইকেইটাৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ উল্লেখ্য যে চলিত মাহৰ প্রাৰম্ভতে বাষ্টাৰ অঞ্চলত নিৰাপত্তা বাহিনীৰ সংঘর্ষত দুর্ধর্ষ নেতাসহ ২৯ মাওবাদী নিহত হোৱাৰ লগতে তিনিজন জোৱান আহত হৈছে৷ পৰৱর্তী সময়ত মাওবাদীৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে৷ ইটোৰ পিছত সিটো মাওবাদীৰ অভিযানত নিৰাপত্তা বাহিনীয়ে সফলতা লাভ কৰাৰ সময়তে ৰাজ্যখনৰ মুখ্যমন্ত্রীগৰাকীয়ে মাওবাদীসকলক মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনাইছে৷ মন কৰিবলগীয়া যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ছত্তীশগড়ৰ পৰা মাওবাদী সমূলঞ্চে উৎখাত কৰাৰ লক্ষ্য লৈছে৷ মুখ্যমন্ত্রী বিষ্ণু দেও ছায়ে এই অভিযান সন্দর্ভত এনেদৰে মন্তব্য কৰিছে৷

You might also like