ক’ৰোনা সংকটঃ বন্ধ হ’ব বিশ্বৰ ১৩ শতাংশ সংগ্রহালয়
নিয়মীয়া বাৰ্তা, ২০ মেঃ মহামাৰী ক’ভিড–১৯ৰ সংকটৰ ফলশ্রুতিত বিশ্বব্যাপী সংগ্রহালয়সমূহৰ অস্তিত্বৰ প্রতি ভাবুকি আহিব৷ ৰাষ্ট্রসংঘৰ সাংস্কৃতিক সংস্থাই সকীয়নি প্রদান কৰা মতে, বিশ্বৰ প্রায় ১৩ শতাংশ সংগ্রহালয় আৰু কেতিয়াও খোল নাখায়৷ অর্থাৎ ই বন্ধ হৈ পৰিব৷ ক’ভিড–১৯ৰ বাবে সম্প্রতি বিশ্বৰ প্রায় ৯০ শতাংশ সংগ্রহালয় বন্ধ হৈ আছে৷ এই সংগ্রহালয়সমূহৰ কিমানখিনি খোল খাব তাত সন্দেহ আছে৷
আন্তর্জাতিক সংগ্রহালয় দিৱস হিচাপে কালি ৰাষ্ট্রসংঘৰ সাংস্কৃতিক সংস্থাটোৱে এই তথ্য প্রকাশ কৰিছে৷ ইউনেস্ক’ আৰু আন্তর্জাতিক সংগ্রহালয় পৰিষদ (আইকম)ৰ দ্বাৰা চলোৱা সমীক্ষাত ক’ভিড–১৯ৰ বাবে বিশ্বৰ ৯০ শতাংশ অর্থাৎ ৮৫ হাজাৰতকৈ অধিক প্রসিদ্ধ সংগ্রহালয়ৰ দুৱাৰ বন্ধ হৈ পৰিছে৷ আফ্রিকা আৰু স্মল আইলেণ্ড ডেভেলপিং ষ্টেটছৰ মতে, কেৱল সেই সময়ত ৫ শতাংশ সংগ্রহালয়েহে অনলাইনযোগে নিজৰ তথ্য প্রচাৰিত কৰি আছে৷ এই সমীক্ষা মতে, প্রায় ১৩ শতাংশ সংগ্রহালয় আৰু কেতিয়াও খোল নাখাব৷
মন কৰিবলগীয়া যে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনী’ গুটেৰাছে মহামাৰীৰ বাবে বিশ্বৰ সংগ্রহালয়সমূহ সাময়িকভাৱে বন্ধ ৰাখিছে বুলি ঘোষণা কৰিলেও পর্যটক আৰু গৱেষক কিম্বা অন্যান্য পৰিদর্শনকাৰীৰ অভাৱৰ বাবে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ এই ৰাজহৰ জৰিয়তেই সংগ্রহালয়সমূহ চলি আছে৷ চৰকাৰী তথা ব্যক্তিগত খণ্ডতো অনেক প্রসিদ্ধ সংগ্রহালয় চলি আছিল, কিন্তু ক’ভিড–১৯–এ এনে সংগ্রহালয়ৰ অস্তিত্ব বিপন্ন কৰাটো নিশ্চিত৷