আতচবাজীৰ দোকানত অগ্নিকাণ্ড, ১৪জনৰ প্ৰাণহানি
বিশেষ বাৰ্তা, ৮ অক্টোবৰ : কর্ণাটকৰ এখন আতচবাজীৰ দোকানত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত কমপক্ষেও ১৪গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য কেইবাজনো গুৰুতৰভাৱে আহত হৈছে৷ এই শোকাৱহ ঘটনাক লৈ গভীৰ শোক প্রকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী ছিদ্দাৰামায়াই৷ দোকানখনত ৩৫গৰাকী লোক কর্মৰত অৱস্থাত থকা সময়তে এই অগ্নিকাণ্ডৰ সূত্রপাত ঘটে৷ কর্ণাটকৰ আৰক্ষীপ্রধান অলক মোহনে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, ইতিমধ্যে দোকানখনৰ মালিকক গ্রেপ্তাৰ কৰা হৈছে৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, কালি সন্ধিয়া বেংগালুৰুৰ আটিবেলৰ আতচবাজীৰ দোকানখনত এই ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডৰৰ পূর্বে এটা বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা বুলি দাবী কৰিছে স্থানীয় বাসিন্দাসকলে৷