নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একে সময়তে অন্তঃসত্ত্বা নৱজাতকক শুশ্রূষা কৰা ১৪গৰাকী নার্ছ

🔹 আমেৰিকাৰ হাস্পতালৰ ঘটনাক লৈ ব্যাপক চর্চা

নিউজ ডেস্ক, ১৭ মে’ : হাস্পতালত কর্মৰত কোনো নার্ছ অন্তঃসত্ত্বা হোৱাটো স্বাভাৱিক ঘটনা৷ সুস্থ সন্তান জন্ম দি পুনৰ নার্ছসকল কর্তব্যলৈ উভতি অহাটোও স্বাভাৱিক ঘটনা৷ কিন্তু আমেৰিকাৰ হাস্পতালত যি ঘটনা ঘটিছে, তাক লৈ বিভিন্নজনৰ চকু কপালত উঠিছে৷ হাস্পতালখনত কর্মৰত ১৪গৰাকী নার্ছ একে সময়তে অন্তঃসত্ত্বা হৈছে৷ লক্ষণীয়ভাৱে তেওঁলোকৰ সন্তান প্রসৱৰ সময়ো ওচৰা–উচৰি৷ এই অবাক কৰা অলৌকিক ঘটনাত সুখী হাস্পতাল কর্তৃপক্ষ৷ হাস্পতাল কর্তৃপক্ষই বিবৃতি প্রকাশ কৰি ১৪গৰাকী নার্ছ একে সময়তে অন্তঃসত্ত্বা হোৱা কথা ইতিমধ্যে সদৰী কৰিছে৷ আমেৰিকাৰ উইছকনছিনৰ গ্রীন বে চহৰৰ ছেইণ্ট ভিনচেণ্ট হাস্পতালত এই ঘটনা সংঘটিত হৈছে৷ লক্ষণীয় যে হাস্পতালখন শিশু চিকিৎসাৰ উন্নত সেৱাৰ বাবে পৰিচিত৷ প্রায় প্রতিদিনেই কোনো নহয় কোনো মহিলাই সন্তান প্রসৱ  কৰে হাস্পতালখনত৷ এই নৱজাতকসকলৰ শুশ্রূষা কৰে নার্ছসকলে৷ এইবাৰ সেই নার্ছসকলৰ ১৪গৰাকী একে সময়তে অন্তঃসত্ত্বা হৈছে৷ এই কথা সদৰী কৰি হাস্পতালৰ এগৰাকী বিষয়ববীয়াই সংবাদ মাধ্যমক জনাইছে যে এয়া সকলোৰে বাবে অবিশ্বাস্য৷ এই ঘটনাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে হাস্পতালখনত এক উৎসাহজনক পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিও বিষয়ববীয়াগৰাকীয়ে মন্তব্য কৰিছে৷ হাস্পতালখনৰ ইতিহাসত এয়া এক নজিৰবিহীন ঘটনা হিচাপে চিহ্ণিত হৈছে৷

You might also like